কিহৰ ইংগিত? প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সৈতে একেলগে দেখা গ’ল বিজেপি বিধায়ক নোমল মমিনক!

সৌ সিদিনালৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বিভিন্ন কথাৰে সমালোচনা কৰা বোকাজান সমষ্টিৰ বিজেপি বিধায়ক ডাঃ নোমল মমিনে এইবাৰ আদৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
সৌ সিদিনালৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বিভিন্ন কথাৰে সমালোচনা কৰা বোকাজান সমষ্টিৰ বিজেপি বিধায়ক ডাঃ নোমল মমিনে এইবাৰ আদৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
- News18 Assam
- Last Updated: August 15, 2020, 10:40 PM IST
কেৱল আদৰণী জনোৱাই নহয়, দুয়োগৰাকী নেতাই বোকাজানৰ প্ৰয়াত বিজেপি নেতা বাবুৰাম বেৰ বাসগৃহলৈ গৈ তাৰ পৰা উভতি আহি একেলগে দুপৰীয়াৰ সাজ গ্ৰহণ কৰে। প্ৰফুল্ল মহন্তক আদৰণী জনোৱা সন্দৰ্ভত বিজেপি বিধায়ক ডা০ নোমল মমিনৰ স্পষ্ট মত ‘সমষ্টিলৈ দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিত্ৰ দলৰ চৰকাৰৰ জ্যেষ্ঠ বিধায়ক গৰাকী আহিছে সেয়েহে মই তেখেতক আদৰণী জনাইছো’।
নোমল মমিনে কোৱা মতে, সাক্ষাৎ কালত কোনো ৰাজনৈতিক কথা বতৰা হোৱা নাছিল দুয়োৰে মাজত। কিছুদিন পূৰ্বে প্ৰফুল্ল মহন্তৰ বহু কথাক উভতি ধৰি প্ৰত্যুুত্তৰ দিছিল নোমল মমিনে। সেয়েহে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দুয়োগৰাকী নেতাক একেলগে দেখাত বিশেষ তাৎপৰ্য বহন কৰিছে পাহাৰীয়া জিলাখনত।