নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত পলাইছে AIUDFৰ প্ৰাৰ্থী! BJPৰ দাবী

News18 Assam | News18-Assam
Updated:April 11, 2021, 8:57 AM IST
নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ত পলাইছে AIUDFৰ প্ৰাৰ্থী! BJPৰ দাবী
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো হৰ্ছট্ৰেডিং সম্পৰ্কত মুখ খুলিলে৷ ৰিপুণ বৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৰ্ছট্ৰেডিঙৰ আশংকা প্ৰকাশ কৰে৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো হৰ্ছট্ৰেডিং সম্পৰ্কত মুখ খুলিলে৷ ৰিপুণ বৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৰ্ছট্ৰেডিঙৰ আশংকা প্ৰকাশ কৰে৷

  • Share this:
BJP-এ হৰ্ছট্ৰেডিং কৰাৰ আশংকাত অসমৰ পৰা দলীয় প্ৰাৰ্থীসকলক বদৰুদ্দিন আজমলে ৰাজস্থানলৈ নিয়াৰ ঘটনাক লৈ BJPয়ে তীব্ৰ সমালোচনা কৰিছে AIUDF আৰু কংগ্ৰেছক৷ BJPৰ দাবী- নিৰ্বাচনত পৰাজিত হ'ব বুলি গম পাই অসম এৰি পলাইছে AIUDFৰ প্ৰাৰ্থীসকল৷

দুই মে'লৈ মাজত এতিয়াও একুৰি এদিন বাকী৷ কিন্তু একুৰি এদিন আগতেই অসমৰ ৰাজনৈতিক ইতিহাসত হৰ্ছট্ৰেডিঙৰ ভূতে খেদিছে বিৰোধী কংগ্ৰেছ আৰু AIUDFক৷ শুকুৰবাৰে অসম এৰি ৰাজস্থান পালেগৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ ১৭জন প্ৰাৰ্থী৷ ৰাজস্থানৰ এক পঞ্চ তাৰকাযুক্ত হোটেলত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৰাখিছে AIUDFৰ প্ৰাৰ্থীক৷ শুকুৰবাৰে অসম এৰাৰ সময়ত বদৰুদ্দিন আজমলে BJPয়ে হৰ্ছট্ৰেডিং কৰাৰ আশংকা প্ৰকাশ কৰে৷

BJP–এ বিধায়ক কিনাৰ আশংকাত অসমৰ পৰা কংগ্ৰেছ আৰু AIUDF–এ দলীয় প্ৰাৰ্থীসকলক আঁতৰাই নিয়াৰ সন্দৰ্ভত শনিবাৰে মুখ খুলিলে BJP–এ৷ BJPৰ মুখপাত্ৰ তথা বিধায়ক ডাঃ নোমল মমিনে ক'লে- “আজমলে নাটক কৰিছে৷ পৰাজয়ৰ ভয়ত অসম এৰি পলাইছে AIUDFৰ প্ৰাৰ্থীসকল৷ নহ'লে কিয় পলাব? BJP–এ ৮৫খন আসনেৰে একক সংখ্যা গৰিষ্ঠতা পাব আৰু চৰকাৰ বনাব৷ একক সংখ্যা গৰিষ্ঠতা পোৱাৰ পিছত আৰু হৰ্ছট্ৰেডিঙৰ কি প্ৰয়োজন?”

এনেদৰে আজমলৰ বিৰুদ্ধে সৰব হৈ BJPৰ মুখপাত্ৰ নোমল মমিনে ক'লে- “কংগ্ৰেছে এইবাৰ নাটক কৰি লাভ নাই৷ চৰকাৰ BJP-AGP-UPPLৰে হ'ব৷”

ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো হৰ্ছট্ৰেডিং সম্পৰ্কত মুখ খুলিলে৷ ৰিপুণ বৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৰ্ছট্ৰেডিঙৰ আশংকা প্ৰকাশ কৰে৷

১৫সংখ্যক অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ওলাবলৈ একুৰি এদিন বাকী থকাৰ সময়ত এতিয়া এনেদৰেই আৰম্ভ হৈছে বিধায়ক কিনা-বেচাৰ ৰাজনীতি৷ বাদ পৰা নাই হাগ্ৰামা মহিলাৰীৰ BPF দলো৷ BPFৰ প্ৰাৰ্থীসকলৰ ওপৰত দলীয় নেতৃত্বই চোকা নজৰত ৰাখিছে৷ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীসকলোকো দুই-এদিনতে প্ৰমোদ ভ্ৰমণৰ নামত অসমৰ বাহিৰলৈ নিয়াৰ বাবে দলীয় নেতৃত্বই যো-জা চলোৱা বুলি জানিব পৰা গৈছে৷
Published by: Sanjay Kumar Das
First published: April 11, 2021, 8:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি