প্ৰফুল্ল কুমাৰ মহন্ত হেনো গেলা কোমোৰা, ক’লে এইজন বিজেপি বিধায়কে

বৃহস্পতিবাৰে আঞ্চলিক ৰাজনীতি শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ প্ৰস্তাৱ আগবঢ়াইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷
বৃহস্পতিবাৰে আঞ্চলিক ৰাজনীতি শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ প্ৰস্তাৱ আগবঢ়াইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷
- News18 Assam
- Last Updated: June 19, 2020, 6:45 PM IST
বৃহস্পতিবাৰে আঞ্চলিক ৰাজনীতি শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ প্ৰস্তাৱ আগবঢ়াইছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ ৰাষ্ট্ৰবাদী চিন্তা পৰিত্যাগ কৰি আঞ্চলিক শক্তিত চামিল হ'বলৈ গগৈক সংবাদমেল যোগে প্ৰস্তাৱ দিছিল মহন্তই৷ মহন্তই গগৈলৈ আগবঢ়োৱা প্ৰস্তাৱ দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে বিজেপি বিধায়ক ডাঃ নোমল মমিনে ৷
"৮৫৫জন শ্বহীদৰ বলিদান পাহৰিলে নেকি প্ৰফুল্ল কুমাৰ মহন্তই? যি কংগ্ৰেছৰ ছত্ৰছায়াত তেজাল ডেকাই প্ৰাণ আহুতি দিব লগীয়া হৈছিল সেই কংগ্ৰেছক লৈ আঞ্চলিক শক্তি কিদৰে শক্তিশালী কৰিব? এয়া নিতান্তই দুৰ্ভাগ্যজনক৷ আচলতে প্ৰফুল্ল কুমাৰ মহন্ত এটা গেলা কোমোৰা৷ গেলা কোমোৰা যিদৰে মানুহে নাখায়, মহন্ত ডাঙৰীয়াকো মানুহে এতিয়া নিবিচাৰে৷"— মন্তব্য ডাঃ মমিনৰ।