সঁচাকৈ ইছলামিক সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষক বিজেপি বিধায়ক হয়নে? কি ক'লে বিধায়ক নাৰায়ণ ডেকাই?

News18 Assam | News18-Assam
Updated:January 6, 2020, 11:42 AM IST
সঁচাকৈ ইছলামিক সাহিত্য সভাৰ মুখ্য পৃষ্ঠপোষক বিজেপি বিধায়ক হয়নে? কি ক'লে বিধায়ক নাৰায়ণ ডেকাই?
অসম ইছলামিক সাহিত্য সভা’ক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা

অসম ইছলামিক সাহিত্য সভা’ক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা

  • Share this:
এইবাৰ ধৰ্মক লৈ সাহিত্য সভা! অসমৰ জাতি মাটি ভেঁটি ৰক্ষাৰ স্বাৰ্থত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া ৰাইজ 'কা' বিৰোধী আন্দোলনত জঁপিয়াই পৰাৰ সময়তে ধৰ্মকেন্দ্ৰিক সাহিত্য সভাৰ তৎপৰতা। অহা মাৰ্চ মাহত ‘ইছলামিক সাহিত্য সভা’ই নলবাৰী জিলাত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় অভিৱৰ্তন। অভিৱৰ্তন উপলক্ষে সাহিত্য সংগঠনটোৱে প্ৰকাশ কৰা গোহাৰি পত্ৰত বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি বিধায়ক নাৰায়ন ডেকাৰ নাম ,সংগঠনটোৰ মুখ্য পৃষ্ঠপোষক হিচাপে উল্লেখ কৰা হৈছে। যাক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।



সততে অসমীয়া সাহিত্য সভাৰ গুণানুকীৰ্তন কৰি থকা বিজেপি দলে প্ৰায়ে অভিযোগ কৰি আহিছে যে, অসমীয়া ভাষা, সাহিত্য নিঃশেষ কৰিবলৈ এচামে এনেধৰণৰ ধৰ্মৰ ভিত্তিত সাহিত্য সংগঠনৰ জন্ম দিছে। কিন্তু সেইসময়তে বিজেপি দলৰে এগৰাকী বিধায়ক ‘ইছলাম সাহিত্য সভা’ৰ মুখ্য পৃষ্ঠপোষকৰ দায়িত্বত থকা বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰিছে।

উল্লেখযোগ্য যে, ইছলাম সাহিত্য সভাই ২০০৫ চনতে জন্মলাভ কৰা বুলি গোহাৰি পত্ৰখনত উল্লেখ কৰা হৈছে। লগতে আৰবী সাহিত্যক বিশেষ ভাবে আগস্থান দি গোহাৰি পত্ৰখনত ইছলামধৰ্মীয় গ্ৰন্থ প্ৰকাশেৰে অসমীয়া সাহিত্যৰ ভেটিকো সুদীৰ্ঘ কৰিব বুলি যুক্তি দৰ্শাইছে সংগঠনটোৱে।

কিন্তু এই কথা অস্বীকাৰ কৰিছে বিধায়ক নাৰায়ন ডেকাই।  ইছলামিক সাহিত্য সভাৰ গোহাৰি পত্ৰত তেওঁৰ নাম সন্নিৱিষ্ট কৰাৰ কথা তেখেতে গমেই নাপাই বুলি উল্লেখ কৰে। লগতে  বিধায়কগৰাকীয়ে কয় যে,  তেখেতক ‘ইছলামিক সাহিত্য সভা’ৰ বিষয়ববীয়া আহি মাৰ্চ মাহত অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি জনাইছিল। লগতে জনাইছিল যে, অভিৱৰ্তনখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ আনচাৰী উপস্থিত থাকিব। বিধায়কৰ পৰা অনুষ্ঠানটোৰ বাবে সহায় সহযোগিতাও বিচাৰিছিল সংগঠনটোৱে, আৰু তেতিয়া বিধায়ক নাৰায়ন ডেকাই তেওঁলোকক সহায় কৰিব বুলি আশ্বাস দিছিল।
First published: January 5, 2020, 6:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading