অসমৰ সত্ৰ সমূহৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ চৰকাৰে গঠন কৰি দিছে তিনিজনীয়া সদস্যৰে সত্ৰ আয়োগ অসম ৷ সত্ৰ আয়োগ অসমৰ দলটোৱে অসমৰ সত্ৰ সমূহৰ ভূমি বেদখল সম্পৰ্কীয় বিষয় সঠিক তথ্য আহৰণ কৰিবৰ বাবে উপস্থিত হয় বৰপেটাত ৷
সোমবাৰে পুৱা বৰপেটাৰ সুন্দৰীদিয়া সত্ৰলৈ গৈ সত্ৰৰ সত্ৰাধিকাৰ, পৰিচালনা সমিতিৰ সদস্য আৰু ভকতসকলৰ সৈতে সত্ৰৰ ভূমি বেদখল সম্পৰ্কে আলোচনাত মিলিত হয় সত্ৰ আয়োগ অসম ৷ ইয়াৰ পিছত আয়োগৰ দলটোৱে বৰপেটাৰ পিৰলা সত্ৰৰ বেদখলকৃত ভূমি চৰজমিন তদন্ত কৰে ৷ উল্লেখ্য যে, হৰিদেৱৰ প্ৰধান শিষ্য আচাৰ্য নাৰায়ণা দেৱে প্ৰতিষ্ঠা কৰা পিৰলা সত্ৰৰ প্ৰায় ১০১ বিঘা মাটি আছিল যদিও সত্ৰখনৰ গোটেইখিনি মাটি বৰ্তমান সম্পূৰ্ণ বেদখল হৈছে ৷ সত্ৰ আয়োগ অসমৰ সদস্য মৃণাল শইকীয়াই পিৰলা সত্ৰৰ মাটি বেদখল দেখি স্তম্ভিত হৈ পৰে ৷ তেও কয় যে, 'বৰপেটাকে ধৰি অসমৰ দহ খন জিলাত হিন্দু সকল সংখ্যালঘুত পৰিণত হৈছে৷ দহখন জিলাত বংগমূলীয় মুছলমান সংখ্যাগুৰু হৈ পৰিছে ৷ এই দহখন জিলাৰ হিন্দু সকলক সংখ্যালঘুৰ মৰ্যদা দিব লাগে ৷ বৰপেটাৰ পিৰলা সত্ৰ নিশ্চিহ্ন হৈছে। সত্ৰৰ ভূমি দখল কৰিছে বংগমূলীয় মুছলমানে ৷'