অনিমেশ ভূঞা(Animesh Bhuyan)ৰ হত্যাকাৰী যাতে খোজ কাঢ়ি আদালত নাপায়গৈ তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। আজি অনিমেশৰ ডেৰগাঁৱৰ বাসগৃহৰ উপস্থিত হৈ এই হুংকাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া (MLA Mrinal Saikia)ৰ।
নিহত অনিমেশৰ পিতৃ-মাতৃক সমবেদনা জনালে বিধায়ক মৃণাল শইকীয়াই।
মৃণাল শইকীয়াৰ লগতে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাও অনিমেশৰ বাসগৃহত উপস্থিত হৈ শোক-সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে সোমবাৰে যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উন্মাদ আৰু জীঘাংসু লোকে মৰিয়াই মৰিয়াই হত্যা (Jorhat Mob Lynching) কৰে আছুৰ নেতা অনিমেশ ভূঞাক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|