உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিজেপিৰ মন্ত্ৰী বিধায়ক মুম্বাইত, প্ৰথমদিনা কি পাঠ পঢ়িলে অসমৰ মন্ত্ৰী,বিধায়ক,সাংসদে?

    বিজেপিৰ মন্ত্ৰী বিধায়ক মুম্বাইত, প্ৰথমদিনা কি পাঠ পঢ়িলে অসমৰ মন্ত্ৰী,বিধায়ক,সাংসদে?

    শনিবাৰ আৰু ৰবিবাৰে কি হ'ব সবিশেষ ?

    শনিবাৰ আৰু ৰবিবাৰে কি হ'ব সবিশেষ ?

    শনিবাৰ আৰু ৰবিবাৰে কি হ'ব সবিশেষ ?

    • Share this:
    তিনিদিনৰ প্ৰশিক্ষণ শিবিৰত ভাগ ল'বৰ বাবে অসমৰ সকলো মন্ত্ৰী বিধায়ক বৃহস্পতিবাৰে ৰাওনা হৈছিল মুম্বাইলৈ ৷ মুম্বাইৰ ৰামভাও মহাল্গী প্ৰবোধিনীত শুকুৰবাৰে পুৱা ৯.৩০বজাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয়প্ৰকাশ নাড্ডা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্ঘাটন কৰিলে প্ৰথমটো দিনৰ প্ৰশিক্ষণ সত্ৰ ৷

    মহাৰাষ্ট্ৰ বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক তথা বিজেপি বিধায়ক অতুল ভাটখলকাৰে প্ৰথম দিনটোত জনসংঘৰ পৰা বিজেপিৰ ইতিহাস আৰু বিকাশক লৈ মাৰ্গ দৰ্শন কৰোৱাৰ বিপৰীতে অসম বিজেপিৰ ইতিহাস আৰু বিকাশক লৈ মাৰ্গ দৰ্শন কৰে মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৷

    বিজেপিৰ সিদ্ধান্তৰ অধিষ্ঠানক লৈ বিজেপিৰ যুটীয়া ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি সতীশে আৰু বিজেপিৰ বিচাৰধাৰা পৰিয়াল সম্পৰ্কে মাৰ্গ দৰ্শন কৰে উত্তৰ পূবৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱালে ৷

    বিয়লি ৪বজাৰ পৰা ৫.৩০বজালৈ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণৱীছে সংসদীয় সাধনৰ প্ৰভাৱী প্ৰয়োগৰ ওপৰত মাৰ্গ দৰ্শন কৰাই প্ৰশিক্ষণত উপস্থিত সকলক ৷ অসমৰ প্ৰভাৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাৰ মাৰ্গ দৰ্শনেৰে সমাপ্ত হোৱাৰ বিপৰীতে অসমৰ পৰা যোৱা মন্ত্ৰী বিধায়কে শনিবাৰে পুৱা যোগ, প্ৰণায়াম কৰি ৯.৩০বজাৰ পৰা ভাগ ল'ব প্ৰশিক্ষণ পৰ্বত ৷



    ডা৹ বিনয় সহস্ৰবুদ্ধেৰ 'টীমৰ বিকাশ আৰু সংবাদ কৌশল' শীৰ্ষক ভাষণেৰে আৰম্ভ হ'ব দ্বিতীয় দিনৰ প্ৰশিক্ষণ পৰ্ব ৷ ইয়াৰ পিছতে দলীয় বিধায়কৰ ভূমিকা,কৰ্তব্য,কাৰ্যালয় আৰু জন-সম্পৰ্কৰ ওপৰত হ'ব মাৰ্গ দৰ্শন ৷ শনিবাৰৰ দিনটোৰ ২.৩০বজাত বিজেপিৰ যুটীয়া ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশ আৰু অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই বিজেপিৰ কাৰ্যপদ্ধতি,দিনচৰ্যা আৰু আহি থকা দিনৰ ৰূপৰেখাৰ ওপৰত ৰাখিব ভাষণ ৷

    শনিবাৰে বিয়লি ৪.৩০বজাত অসমৰ সকলো বিধায়ক,সাংসদ,মন্ত্ৰীৰ সন্মুখত ভাষণ ৰাখি ৬বজাত ভাষণ সামৰাৰ কথা আছিল যদিও হয়তো দেওবাৰেহে মুখ্যমন্ত্ৰীয়ে ৰাখিব ভাষণ ৷ শনিবাৰে উপস্থিত থকাৰ সম্ভাৱনা ক্ষীণ মুখ্যমন্ত্ৰী শৰ্মা ৷ দ্বিতীয় দিনৰ প্ৰশিক্ষণ পৰ্বৰ সামৰণিৰ আগে আগে 'ষ্ট্ৰেছ মেনেজমেণ্ট'ৰ ওপৰত ভাষণ ৰাখিব মনোবিজ্ঞানী ডা৹ হৰীশ চেট্টিয়ে ৷

    শেষৰ দিনটোত প্ৰশিক্ষাৰ্থী মন্ত্ৰী বিধায়ক সাংসদকক বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই যুৱ চামৰ সৈতে সম্পৰ্ক, সামাজিক মাধ্যমৰ প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধান বিষয়টোৰ ওপৰত ৰাখিব ভাষণ ৷ দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহ আৰু অসমৰ লাভালাভৰ ওপৰত ৰাখিব ভাষণ ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সকলো বিধায়ক মন্ত্ৰীৰ খোকোজা আঁতৰাবলৈ প্ৰশ্নোত্তৰ শিঁতানত ভাগ লৈ সমাপন কৰিব তিনিদিনীয়া প্ৰশিক্ষণৰ ৷
    Published by:Himangshu Bhuyan
    First published: