உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'পুৰীয়া মাৰি কথা কোৱা বন্ধ কৰক অখিল গগৈয়ে'-আক্ৰমণাত্মক ৰূপত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    'পুৰীয়া মাৰি কথা কোৱা বন্ধ কৰক অখিল গগৈয়ে'-আক্ৰমণাত্মক ৰূপত বিধায়ক জয়ন্ত মল্ল বৰুৱা

    শনিবাৰে সংবাদমেল সম্বোধন কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই

    শনিবাৰে সংবাদমেল সম্বোধন কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই

    শনিবাৰে সংবাদমেল সম্বোধন কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই

    • Share this:
    'কলিকতা বিশ্ববিদ্য়ালয়ত অসমীয়া ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে।' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত কৰা এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ইতিহাসৰ অপব্যাখ্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছিল বিধায়ক অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এতিয়া অখিল গগৈ আৰু ৰিপুণ বৰাক উভতি ধৰিছে নলবাৰী সমষ্টিৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

    শনিবাৰে সংবাদমেল সম্বোধন কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে,  'শিৱসাগৰৰ বিধায়ক অখিল গগৈ, সাংসদ ৰিপুণ বৰাই ইতিহাস নাজানি কথা কৈছে। অখিল গগৈয়ে মানসিক ৰোগৰ চিকিৎসা কৰি কিছু পঢ়া শুনা কৰক। গ্ৰুপিঙক লৈ বুৰঞ্জীয়ে কি কৈছে, সেয়া অনুধাৱন কৰক। গ্ৰুপিঙৰ ভয়াৱহতাৰ সময়ত শৰৎ চন্দ্ৰ বসু,শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৰিহনাৰ কথা বুৰঞ্জীয়ে কৈ থৈছে। পুষ্পলতা দাসৰ গোপীনাথ বৰদলৈ শীৰ্ষক গ্ৰন্থতো দুয়োৰে অৰিহনাৰ বাবে অসম গ্ৰুপিঙৰ পৰা বাচিছিল বুলি স্পষ্ট কৰি থৈ গৈছে। দেৱেশ্বৰ শৰ্মাই 'হেৰাই যোৱা দিনবোৰ' শীৰ্ষক আত্মজীৱনীতো একে কথা কৈ গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'জৱাহৰলাল নেহৰু এণ্ড আছামছ্ প্ৰব্লেম' গ্ৰন্থতো একে কথা লিখিছে। POLITICAL HISTORY OF ASSAMটো দুয়োৰে অৰিহনাৰ কথা লিখিছে।'

    অখিল গগৈ আৰু ৰিপুণ বৰাক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয় যে, 'তিহাৰ ফেৰত ৰিপুন বৰাই কাৰ কি অৰিহনা জানক প্ৰথমে। পুৰীয়া মাৰি কথা কোৱা বন্ধ কৰক অখিল গগৈয়ে। বামপন্থীৰ ইতিহাস পঢ়া সকলে মিছা তথ্যৰে বিপথে পৰিচালিত কৰিব বিচাৰে এইসকলে। মাও চে তুং,লেনিন আদিৰ যদি অসমীয়া ভাষালৈ অৰিহনা আছে,যদি গ্ৰুপিঙৰ ক্ষেত্ৰত অৰিহনা আছে, তেন্তে কওক অখিল গগৈয়ে।'

    অসমীয়া ভাষাক পাঠ্যক্ৰমত শ্য়ামা প্ৰসাদ মুখাৰ্জীয়ে অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত যুক্তি দি জয়ন্ত মল্ল বৰুৱাই লগতে কয় য়ে, 'অসমীয়া ভাষাক লৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে 'অসমীয়া ভাষা'ক আধুনিক ভ স্নাতকোত্তৰত অন্তৰ্ভূক্ত কৰিছিল ৷ যি কথা বিৰিঞ্চি কুমাৰ বৰুৱাই অঙ্কীয়া নাট গ্ৰন্থত উল্লেখ কৰি গৈছে ৷ বিজেপিয়ে আদৰ্শ হিচাপে যাক লৈছে সেয়া অৰিহনাৰ ভিত্তিতহে লৈছে।'
    Published by:Himangshu Bhuyan
    First published: