বটদ্ৰৱা কাণ্ডত তৃতীয় শক্তি জড়িত আছে। অনুসন্ধানৰ পিছত এই শক্তিক চিনাক্ত কৰি আইনগত ভাৱে শাস্তি দিয়া হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।
আজি বাক্সা জিলাৰ মুছলপুৰৰ জিলা ইউপিপিএলৰ কাৰ্যালয়ত এক সংবাদমেলত অংশগ্ৰহণ কৰাৰ পিছতে সাংবাদিকৰ আগত এই মন্তব্য কৰে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে। তেওঁ কয় যে, বটদ্ৰৱা ঘটনাৰ পিছত ইতিমধ্যে বিভিন্ন তথ্য সংগ্ৰহ কৰি থকা হৈছে। এই তথ্যৰ ভিত্তিতেই প্ৰতিগৰাকী দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব ৷ থানা জ্বলাই দিয়া ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তই শাস্তি পোৱাটো অসমৰ ৰাইজে বিচাৰিছে। দোষীয়ে শাস্তি পাবই ৷'
তেওঁ লগতে কয় যে, 'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিভিন্ন ঠাইত ড্ৰাগচ মাফিয়া, গৰু মাফিয়া আদি দুষ্কৃতিকাৰীৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই দুষ্কৃতিকাৰীৰে গঠিত অপশক্তিয়ে কেতিয়াবা কেতিয়াবা সুবিধা লয়। এই অপশক্তিয়ে থানা জ্বলোৱা কামত জড়িত হ'ব পাৰে ৷ নিজৰ সুবিধাৰ বাবে ড্ৰাগচ মাফিয়া, গৰু মাফিয়া আদি চক্ৰ জড়িত হৈ থাকিব পাৰে ৷ গতিকে থানা জ্বলাই দিয়া ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তিকে সৰি যাব দিয়া নহ'ব ৷'
আনহাতে বটদ্ৰৱা কাণ্ডৰ লগত জড়িত অভিযুক্তৰ ঘৰ উচ্ছেদ কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, সকলো কাম আইনগত ভাৱে চোৱা হৈছে ৷ চৰকাৰী ভূমি বেদখল কৰিলে তাক উচ্ছেদ কৰিবই ৷ বিষয়টো অন্য দৃষ্টিৰে চাব নালাগে ৷ অপৰাধীয়ে উচিত শাস্তি পাব ৷ আনহাতে ঘটনাটোত একাংশ শিশু জড়িত থকা বিষয় সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে, কোনো উচতনি দিছিল সেয়া তদন্ত কৰি থকা হৈছে ৷ তদন্তৰ পিচত সকলো স্পষ্ট হৈ পৰিব ৷ উল্লেখ্য যে, আজি বিটিচি পৰিষদৰ উপ- নিৰ্বাচনৰ বাবে মিত্ৰজোটৰ প্ৰাৰ্থী ঘোষণাৰ বাবে বিধায়ক জয়ন্তমল্ল বৰুৱা মুছলপুৰত উপস্থিত হৈছিল ৷