• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali Controversy : শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰিব খোজা শ্বেৰমান আলীয়ে কি বুজিব ছহীদৰ তেজৰ মূল্য, দানৱৰ মাজত ডাঙৰ হৈছে শ্বেৰমানৰ দৰে লোক, জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া

Sherman Ali Controversy : শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰিব খোজা শ্বেৰমান আলীয়ে কি বুজিব ছহীদৰ তেজৰ মূল্য, দানৱৰ মাজত ডাঙৰ হৈছে শ্বেৰমানৰ দৰে লোক, জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া

জয়ন্ত মল্ল বৰুৱা, বিজেপি

জয়ন্ত মল্ল বৰুৱা, বিজেপি

Sherman Ali Controversy : জয়ন্ত মল্ল বৰুৱাই কয়, "কিন্তু শ্বেৰমানক গ্ৰেপ্তাৰ কৰাটোৱেই মূল কথা নহয় ৷ ইয়াৰ জৰিয়তে অসমীয়া জাতিলৈ অহা ভাবুকিতোহে জাতিটোৱে বুজি উঠিব লাগিব ৷"

  • Share this:
অসম আন্দোলনৰ ছহীদ (Martyrs of Assam Movement)ক লৈ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali)ৰ বিতৰ্কিত মন্তব্যই ৰাজ্য উত্তাল কৰি ৰাখিছে। শাসক-বিৰোধী আনকি সকলো পক্ষই গৰিহণা দিছে শ্বেৰমানৰ মন্তব্যক।  মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ইও চোকা সমালোচনা কৰিছে  শ্বেৰমান আলীক। জয়ন্ত মল্ল বৰুৱাই কয়, "শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰিব খোজা মানুহে দেশৰ কাৰণে ত্যাগ কৰা শ্বহীদ কি তেওলোকে বুজি নোপোৱাটোৱে স্বাভাবিক ৷"

জয়ন্ত মল্লই আৰু কয়, "যিসকল মানুহৰ ভাৰতীয়  সভ্যতা-সংস্কৃতিৰ লগত মিল নাই, ভাৰতীয় সনাতনী সভ্যতা বুজি নাপায়, আৰবীয় সভ্যতা-সংস্কৃতি (Arabian Culture)ৰ মাজত ডাঙৰ হৈছে তেওলোকে শ্বহীদ আৰু দানৱৰ কথা বুজি নাপায় ৷ তেওলোক দানৱৰ মাজত ডাঙৰ হৈছে ৷ তেওঁলোকৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি!"

আনহাতে ভূপেন বৰাৰ মন্তব্য প্ৰসংগতো প্ৰতিক্ৰিয়া জয়ন্ত মল্লৰ- "কংগ্ৰেছ (Congress) দলটো ইমানদিনে ছাদুল্লাৰ আদৰ্শতে চলি আছে ৷ মুখত গান্ধীৰ কথা কয় যদিও ছাদুল্লাৰ আদৰ্শতহে চলে কংগ্ৰেছ ৷"

বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ সম্পৰ্কত জয়ন্ত মল্ল বৰুৱাই কয়, "চৰকাৰে নিশ্চয় আইনগত ব্যৱস্থা ল'ব ৷ কিন্তু শ্বেৰমানক গ্ৰেপ্তাৰ কৰাটোৱেই মূল কথা নহয় ৷ ইয়াৰ জৰিয়তে অসমীয়া জাতিলৈ অহা ভাবুকিতোহে জাতিটোৱে বুজি উঠিব লাগিব ৷"

আনহাতে উপ নিৰ্বাচনত কংগ্ৰেছ-এজেপিৰ মিত্ৰতা (Congress-AJP Alliance) প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কয় যে লুৰিণ জ্যোতি গগৈ (Lurin Jyoti Gogoi)ৰ অসমৰ ৰাজনীতিত প্ৰাসংগিকতা নাই ৷ মই হোৱা হ'লে ৰাজনৈতিক সন্যাস ললোহেতেন ৷"
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি