মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যসভাত কংগ্ৰেছ শূন্য, এইবাৰ বিজেপিৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ড

ৰাজ্যসভাত কংগ্ৰেছ শূন্য, এইবাৰ বিজেপিৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ড

কমলপুৰ সমষ্টিৰ শাসকীয় পক্ষৰ বিধায়ক দিগন্ত কলিতাৰ স্পষ্ট মত, "আমি কংগ্ৰেছক শূন্য কৰিম বুলি কৈছো আৰু কৰি গৈ আছো"।

  • Share this:
অসমৰ ৰাজ্যসভাত কংগ্ৰেছৰ আসন শূন্য কৰাৰ পিছত বিজেপিৰ লক্ষ্য এইবাৰ গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ড। আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনতো কংগ্ৰেছ শূন্য হ’ব বুলি কয় কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই।

কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই ভূপেন বৰাকো সমালোচনা কৰে। অসমৰ পৰা ৰাজ্যসভাত কংগ্ৰেছ শূন্য হ’ল। বিধান সভাৰ ছয়টা সমষ্টিৰ উপ নিৰ্বাচন, অসমৰ পৌৰ সভা আৰু ৰাজ্য সভাত শূন্য হোৱা কংগ্ৰেছক কটু ভাষাৰে সমালোচনা কৰে বিজেপি বিধায়ক দিগন্ত কলিতাই।

কমলপুৰ সমষ্টিৰ শাসকীয় পক্ষৰ বিধায়ক দিগন্ত কলিতাৰ স্পষ্ট মত, "আমি কংগ্ৰেছক শূন্য কৰিম বুলি কৈছো আৰু কৰি গৈ আছো"। বিজেপিৰ লক্ষ্য এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। জিএমচি ইলেকশ্বনত ৬০টা ৱাৰ্ডতে শাসকীয় মিত্ৰজোটৰ প্ৰাৰ্থী জয় হ’ব বুলি কয় দিগন্ত কলিতাই।

ৰাজ্যসভা বিতৰ্ক অব্যাহত আছে। বিৰোধী বিধায়কৰ মাজতে বাকযুদ্ধও অব্যাহত আছে। ইয়াৰ মাজতেই সুযোগ বুজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰিলে বিধায়ক দিগন্ত কলিতাই। দিগন্ত কলিতাৰ মতে ভূপেন বৰাই ৰিপুণ বৰা সাংসদ হোৱাটো মুঠেই বিচৰা নাছিল।

শেহতীয়া বাতৰি