মুখ্যপৃষ্ঠা »খবৰ »অসম »‘আব্দুল খালেক অসমীয়া হয়নে নহয় সন্দেহ আছে, মোগল যেনহে লাগে’ – দিগন্ত কলিতা

‘আব্দুল খালেক অসমীয়া হয়নে নহয় সন্দেহ আছে, মোগল যেনহে লাগে’ – দিগন্ত কলিতা

এইবাৰ বৰপেটাত খিলঞ্জীয়া ভাৰতীয় জনতা পাৰ্টী জিকিব বুলিও ক’লে বিধায়কগৰাকীয়ে। 

এইবাৰ বৰপেটাত খিলঞ্জীয়া ভাৰতীয় জনতা পাৰ্টী জিকিব বুলিও ক’লে বিধায়কগৰাকীয়ে। 

এইবাৰ বৰপেটাত খিলঞ্জীয়া ভাৰতীয় জনতা পাৰ্টী জিকিব বুলিও ক’লে বিধায়কগৰাকীয়ে। 

  • Share this:
মোগলৰ প্ৰশংসাত পঞ্চমুখ সাংসদ আব্দুল খালেকক তীব্র সমালোচনা বিধায়ক দিগন্ত কলিতাৰ। কমলপুৰ সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে কয়, ‘‘আব্দুল খালেকে বুৰঞ্জী পঢ়িব লাগে। আব্দুল খালেক মোগল যেনহে লাগিছে। মুছলমানৰ ভোট লাগে কাৰণে মোগল প্ৰিয় হৈ ভজন গাইছে। এতিয়া ভূপেন বৰাই স্পষ্ট কৰক কিয় তেওঁলোকৰ সাংসদে মোগলক প্ৰশংসা কৰিছে।’’

‘‘গুৰুজনাৰ তিথিত এনে মন্তব্য কৰাত দুখ অনুভৱ হৈছে। খালেকৰ মুখত লাচিতৰ নাম নোলাই, জাহাঙ্গীৰৰ নামহে ওলাই। আব্দুল খালেক অসমীয়া হয়নে নহয় সন্দেহ আছে। DNA টেষ্ট কৰিব লাগে খালেকৰ। আলাবৈ ৰণত ১০ হাজাৰ অসমীয়াক কটা মোগললৈ দৰদ আব্দুল খালেকৰ।’’ – ক’লে বিধায়ক দিগন্ত কলিতাই। এইবাৰ বৰপেটাত খিলঞ্জীয়া ভাৰতীয় জনতা পাৰ্টী জিকিব বুলিও ক’লে বিধায়কগৰাকীয়ে। 

শেহতীয়া বাতৰি