• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ ভূপেন বৰাক কটাক্ষ দিগন্ত কলিতাৰ, ক’লে – মুখ্যমন্ত্ৰীয়ে এবুকু–একঁকাল পানীত বানপীড়িতৰ খবৰ লৈছিল, তেতিয়া ভূপেন বৰা ক’ত আছিল?

পুনৰ ভূপেন বৰাক কটাক্ষ দিগন্ত কলিতাৰ, ক’লে – মুখ্যমন্ত্ৰীয়ে এবুকু–একঁকাল পানীত বানপীড়িতৰ খবৰ লৈছিল, তেতিয়া ভূপেন বৰা ক’ত আছিল?

কংগ্ৰেছ-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে।

কংগ্ৰেছ-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে।

কংগ্ৰেছ-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে।

  • Share this:
অসম চৰকাৰে লোণ লোৱা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। বিজেপি বিধায়কগৰাকীয়ে কয়, ‘‘ঋণ কাক দিয়ে, যিয়ে পৰিশোধ কৰিব পাৰে। আমাৰ জি ডি পি চাই লওক, ঋণ পৰিশোধৰ ক্ষমতা আছে। ঋণ পৰিশোধৰ সময় আমাৰ কেতিয়াও হীন-দেৰি হোৱা নাই। মুখ্যমন্ত্ৰীয়ে সময়মতে ঋণ পৰিশোধ কৰি আছে।’’

মুখ্যমন্ত্ৰীয়ে এবুকু-একঁকাল পানীত বানপীড়িত খবৰ লৈছিল, তেনে সময়ত ভূপেন বৰা ক’ত আছিল বুলি মন্তব্য কৰি কলিতাই কয়, অসমৰ বানপানীৰ সময়ত ভূপেন বৰা দিল্লীত গান্ধী পৰিয়াল বচাও অভিযানত জড়িত হৈ আছিল।

‘‘২৪ৰ নিৰ্বাচনত আমাৰ লক্ষ্য আছে, পৰিয়ালবাদ আৰু জাতিবাদ ৰাজনীতি পৰিহাৰেৰে আগবঢ়া। কংগ্রেছৰ হাজাৰখন কমিটী আছে, কমিটীত ভূপেন বৰাই, প্ৰজা কোনো নাই।’’ – ক’লে দিগন্ত কলিতাই। কংগ্ৰেছ-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: