কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাক লৈ আকৌ কংগ্ৰেছক সমালোচনা বিজেপি বিধায়ক দিগন্ত কলিতাৰ। ভূপেন বৰাই ভাৰত জোৰো যাত্ৰাত টেঙৰামি কৰা বুলি মন্তব্য কৰিলে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। আজি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কয়, ‘ভূপেন বৰাই ভাৰত জোৰো যাত্ৰাত টেঙৰামি কৰিছে। আগত খিলঞ্জীয়া মানুহক দি পিছত মিয়া মানুহৰ লগত খোজ কাঢ়িছে ভূপেন বৰাই।’’
দুদিন পিছত ভূপেন বৰাই অকলে খোজ কাঢ়িব লাগিব। কাষত কোনো নাথাকিব বুলিও মন্তব্য কৰে দিগন্ত কলিতাই।
‘‘ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক দেখিহে দাঢ়ি ৰাখিছে। মন গ’লেই আকৌ কাটি পেলাব। মোদীযে দাঢ়ি ৰাখি নিৰ্বাচন জিকিছিল আৰু গান্ধীয়ে দাঢ়ি ৰাখি নিৰ্বাচন হাৰিব লৈছে। তেওঁ মানুহজন ধৈৰ্যশীল নহয়।
মূল্যবৃদ্ধি প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত দিগন্ত কলিতাই ক’লে – ‘‘মূল্য বৃদ্ধি হোৱাটো আমিও দুখ পাইছোঁ। কমাবৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈ আছে।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|