• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কেলেংকাৰী পোহৰলৈ আনিলে স্বয়ং শাসকীয় দলৰ বিধায়কে

এইবাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কেলেংকাৰী পোহৰলৈ আনিলে স্বয়ং শাসকীয় দলৰ বিধায়কে

বিজেপি বিধায়ক দুগৰাকীয়ে দুৰ্নীতিত লিপ্ত থকা সকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে

বিজেপি বিধায়ক দুগৰাকীয়ে দুৰ্নীতিত লিপ্ত থকা সকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে

বিজেপি বিধায়ক দুগৰাকীয়ে দুৰ্নীতিত লিপ্ত থকা সকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে

  • Share this:
পিএম কিষাণ সন্মান নিধি আঁচনিত সমগ্ৰ ৰাজ্যত সংঘটিত হোৱা দুৰ্নীতি -অনিময় সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ স্থিতি লোৱাৰ পিছত এতিয়া কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে স্বয়ং শাসকীয় দলৰ বিধায়ক ডা: নোমল মমিনে আৰু অশোক সিংহলে।

বিজেপি বিধায়ক দুগৰাকীয়ে দুৰ্নীতিত লিপ্ত থকা সকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে। বোকাজানত খেতি মাটি নথকা একাংশ লোকেও কৃষকৰ নামত অহা ধন লাভ কৰিছে বুলি উল্লেখ কৰে স্বয়ং সমষ্টিটোৰ বিধায়ক ডা: নোমল মমিনে।

আনহাতে ঢেকিয়াজুলি সমষ্টিৰ বিজেপি বিধায়ক অশোক সিংঘালৰ স্পষ্ট মত-অনুসন্ধান কৰা হ’ব হিতাধিকাৰী তালিকা৷ ইতিমধ্যে কৃষি বিষয়াক বিষয়টো তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে৷ যদি কোনোবাই অনিয়ম কৰিছে তেনেহ’লে ৰেহাই দিয়া নহ’ব৷ দুৰ্নীতিৰ বিৰুদ্ধে আমিও কেতিয়াও আপোচ নকৰো৷
First published: