মহা নৱমীৰ পবিত্ৰ দিনটোতে বিবাহ পাশত আৱদ্ধ হ'ব মৰাণ সমষ্টিৰ বিধায়কজন ৷ পিছে বিধায়কৰ কইনা হ'ব কোন ?
![]()
মৰাণ সমষ্টিৰে খোৱাঙৰ আজাৰগুৰী নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মা হ'ব বিধায়ক চক্ৰৰ কইনা ৷
![]()
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী প্ৰহেলিকা এগৰাকী কণ্ঠশিল্পীও ৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰো শিল্পী প্ৰহেলিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পাছতে দুয়ো যুগ্ম জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত লয় ৷
অহা ৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰতীক্ষিত বিয়াখনৰ বাবে দুয়োখন ঘৰতে চলিছে ব্যাপক প্ৰস্তুতি ৷ মৰাণ কুশল নগৰস্থিত বিধায়কৰ বাসগৃহত চলিছে মণ্ডপ নিৰ্মাণৰ কাম ৷ কইনাঘৰতো উখল-মাখল পৰিবেশ ৷
চাওক VIDEO:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|