মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘সোণোৱাল চৰকাৰৰ সময়ত অসমত ভয়ংকৰভাৱে চলিছিল ছিণ্ডিকেট’ – চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী বিজেপি বিধায়কৰ

‘সোণোৱাল চৰকাৰৰ সময়ত অসমত ভয়ংকৰভাৱে চলিছিল ছিণ্ডিকেট’ – চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী বিজেপি বিধায়কৰ

News18 Assam | News18-Assam
Updated:June 29, 2021, 7:46 PM IST
‘সোণোৱাল চৰকাৰৰ সময়ত অসমত ভয়ংকৰভাৱে চলিছিল ছিণ্ডিকেট’ – চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী বিজেপি বিধায়কৰ
নিউজ১৮ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বয়ং বিজেপি বিধায়ক অতুল বৰাই।

নিউজ১৮ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বয়ং বিজেপি বিধায়ক অতুল বৰাই।

  • Share this:
"মই সঁচা কথা সদায়েই কৈ যাম, কাকো ভয় নকৰো" – এই মন্তব্য দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাৰ। পূৰ্বৰ দৰেই স্বভাৱসূলভভাৱে দিছপুৰৰ অতুল বৰাই নিজৰ দলৰেই চৰকাৰৰ বেয়া কামক পুনৰবাৰ সমালোচনা কৰে নিউজ ১৮ৰ সন্মুখত। অতুল বৰাৰ মতে ২০১৬-২০২১ চনলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত অসমত ভয়ংকৰভাৱে চলিছিল বিভিন্ন ছিণ্ডিকেট। নিউজ১৮ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বয়ং বিজেপি বিধায়ক অতুল বৰাই।

অতুল বৰাই লগতে কয় যে বিগত চৰকাৰৰ সময়ত শাসকীয় বিধায়ক হিচাপে গৰু ছিণ্ডিকেট, চুপাৰি ছিণ্ডিকেট, কয়লা ছিণ্ডিকেট আৰু ড্ৰাগছ ছিণ্ডিকেট অবাধ হাৰত চলিছিল বুলি চৰকাৰক বহুবাৰ জনাইছিলো যদিও সেই সময়ত চৰকাৰে কোনো ব্যৱস্থা নল’লে। এতিয়া বিভিন্ন ছিণ্ডিকেট বিশেষকৈ ড্ৰাগছৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দেখুৱা তৎপৰতাক শলাগ লয় জ্যেষ্ঠ বিধায়কগৰাকীয়ে।

মঙলবাৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই বনমন্ত্ৰী আৰু আবকাৰী বিভাগক সমালোচনা কৰে। অৰুণাচল প্ৰদেশৰ পৰা অহা অবৈধ সুৰাৰ অবাধ প্ৰচলনৰ ফলত ৰাজ্য চৰকাৰে ৰাজহ হেৰুৱাইছে বুলি কয় অতুল বৰাই।

ইফালে আমছাং অভয়াৰণ্যৰ বেদখল মুক্ত, সৃষ্টি নগৰ উচ্ছেদ আৰু সোণাপুৰস্থিত ষ্টাৰ চিমেণ্ট ফেক্টৰী আঁতৰিব লাগিব বুলি কয় প্ৰাক্তন মন্ত্ৰী অতুল বৰাই। মোক মন্ত্ৰিত্ব দিলে সমষ্টিবাসীয়ে আনন্দিত হ’লহেঁতেন। আগতে মই মন্ত্ৰী দিছিলো, সেয়ে এতিয়া মই নিজে মন্ত্ৰী নোখোজো বুলি কয় অতুল বৰাই।

বিভিন্ন সময়ত নিজ চৰকাৰৰ কাম–কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰি থকাসৰকা কৰা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সমষ্টিটোৰ বিভিন্ন স্থানৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে। এইক্ষেত্ৰত কামৰূপ মেট্ৰ’ৰ তত্বাৱধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বিশদভাৱে আলোচনা কৰে বিধায়ক অতুল বৰাই। মুঠৰ ওপৰত দিছপুৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী আৰু বিভিন্ন বিভাগৰ মন্ত্ৰীৰ ওপৰতো হেঁচা প্ৰয়োগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: June 29, 2021, 7:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি