বিটিআৰ নিৰ্বাচনৰ পিছত এইবাৰ বিধায়িকা আঙুৰলতা ডেকা তৎপৰ হৈ পৰিছে নিজৰ বটদ্ৰৱা বিধানসভা সমষ্টিত। বুধবাৰে বিধায়িকাগৰাকীক দেখা গ'ল কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰা। অনুষ্ঠানৰ পিছত বিধায়িকা আঙুৰলতা ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে, বি টি আৰ নিৰ্বাচনত ৰাইজে বি জে পিক আঁকোৱালি লৈছে। সেইবাবেই বিটিচিবাসী ৰাইজে মুক্তমনে ভোটদান কৰিবলৈ ওলাই আহিছে। বি টি আৰত বিজেপিয়ে চৰকাৰ গঠন কৰাটো এশ শতাংশ নিশ্চিত।
আনহাতে কথাৰ মাজতে বিধায়িকা আঙুৰলতা ডেকাই কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক। আঙুৰলতা ডেকাই কয় যে,‘ ২০২১ ৰ নিৰ্বাচনত মহাজোঁট বন্ধনৰ কথা কওঁতে কওঁতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মাত ভাঙি গৈছে। কিন্তু কোনেও সঁহাৰি দিয়া নাই। এদিন কংগ্ৰেছক গোৰ মাৰি ওলাই আহিব এ আই ইউ ডি এফ।’
ইফালে আজমল ফাউণ্ডেশ্যনে ৰাষ্ট্ৰবিৰোধী শক্তিৰ পৰা পুঁজি সংগ্ৰহ কৰে বুলি অভিযোগ উঠাৰ পিছত বিজেপি নেতাসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বদৰুদ্দিন আজমলক। এইবাৰ এই প্ৰসংগত আঙুৰলতা ডেকাই কয় যে, ‘ আমাৰ দলৰ নেতা মন্ত্ৰী সকলে কৈছে যেতিয়া নিশ্চয় ইয়াৰ সত্য সত্যতা আছে। ই এক চিন্তনীয় বিষয়। ইয়াৰ উচিত তদন্তৰ প্ৰয়োজন আছে।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|