মুখ্যপৃষ্ঠা »খবৰ »অসম »নিজৰেই সংখ্যালঘু মৰ্চাই ঠগিলে বিজেপিক? কিয় পালে কম ভোট? জবাবদিহি হ'ব বিষয়ববীয়া

নিজৰেই সংখ্যালঘু মৰ্চাই ঠগিলে বিজেপিক? কিয় পালে কম ভোট? জবাবদিহি হ'ব বিষয়ববীয়া

সংখ্যালঘু মৰ্চাৰ ঠগবাজিকলৈ নেতৃত্বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শীৰ্ষনেতৃত্বই ৷

সংখ্যালঘু মৰ্চাৰ ঠগবাজিকলৈ নেতৃত্বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শীৰ্ষনেতৃত্বই ৷

সংখ্যালঘু মৰ্চাৰ ঠগবাজিকলৈ নেতৃত্বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শীৰ্ষনেতৃত্বই ৷

  • Share this:
বিজেপিৰ আঠটা মৰ্চাৰ ভিতৰত এটা মৰ্চাই ঠগিলে দলটোক ৷  দলটোক ঠগিলে সংখ্যালঘু মৰ্চাই ৷ সংখ্যালঘু মৰ্চাৰ ঠগবাজিকলৈ নেতৃত্বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শীৰ্ষনেতৃত্বই ৷

বিজেপিৰ আঁঠটা মৰ্চাৰ ভিতৰত অন্যতম এটা মৰ্চা সংখ্যালঘু মৰ্চা ৷ পিছে এই মৰ্চাটোৱে ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিক কোনো প্ৰকাৰে সহায় নকৰিলে ৷ মৰ্চাৰ নামত ধন ঠিকেই ল'লে যদিও ভোট হে নিদিলে দলীয় প্ৰাৰ্থীক ৷ যাৰ বাবে জয়ী হৈ আহিব বুলি নিশ্চিত থকা বটদ্ৰৱা,মঙলদৈ,পূব বিলাসীপাৰা, সৰভোগ,বৰক্ষেত্ৰী আদি সমষ্টি হেৰুৱাবলগীয়া হ'ল বিজেপিয়ে ৷ যাক এতিয়া সহজ ভাবে লোৱা নাই সভাপতি তথা মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৷

"ইতিমধ্যে আমি ভংগ কৰি দিছো সংখ্যালঘু মৰ্চা ৷ আমি পৰ্যালোচনা কৰি দেখিছিলো যে, কিছুমান বুথত আমি একেবাৰেই ভোট নাপালো ৷ কেৱল সংখ্যালঘু মৰ্চা বুলি নহয়, আমি আন মৰ্চাবোৰৰো পৰ্যালোচনা কৰিছো ৷ যিবোৰ মৰ্চাই ভাল ফলাফল দেখুওৱা নাই তেওঁলোকো জবাবদিহি হ'ব ৷ ইতিমধ্যে ফলাফল দেখুৱাব নোৱাৰা বিষয়বাবীয়ালৈ প্ৰেৰণ কৰা হৈছে জাননী ৷"— ৰণজিত কুমাৰ দাস

ইফালে নিজৰ বিফলতা মূৰ পাতি লৈছে শেহতীয়াকৈ ভংগ কৰি দিয়া সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে। হুছেইনে কয় যে, "মই মূৰ পাতি লৈছো ৷ নেতৃত্বৰ সিদ্ধান্তক আদৰণি জনাইছো ৷ ক'ত কি ভুল হ'ল সেয়া আমি নিজাববীয়াকৈও পৰ্যালোচনা কৰিছো ৷

শেহতীয়া বাতৰি