মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা ভাইৰেল টেলিফোনিক বাৰ্তালাপক লৈ তোলপাৰ ছচিয়েল মিডিয়া। ভাইৰেল টেলিফোনিক ৰেকৰ্ডিঙৰ আলমত উঠা অভিযোগ মতে মন্ত্ৰীজনে এটা ব্যক্তিগত টেলিভিশ্যন চেনেলৰ এগৰাকী সাংবাদিকক 'ঠেং' ভাঙি দিয়াৰ ভাবুকি দিছিল। মন্ত্ৰীগৰাকীয়ে, 'অহা পাঁচ বছৰত চাই লম, মই বৰ ওপৰৰ মাল, ঘৰৰ পৰা চোচৰাই আনিম' আদিৰ দৰে বিভিন্ন আপত্তিজনক মন্তব্যৰে সাংবাদিকজনক ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে।
বৃহস্পতিবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই টেলিফোনিক অডিঅ'।CAAৰ সন্দৰ্ভত পত্নী আইমী বৰুৱাৰ মন্তব্যক উদ্দেশ্য প্ৰণোদিত ভাবে সম্প্ৰচাৰ কৰাৰ অভিযোগ তুলি সাংবাদিকগৰাকীক মন্ত্ৰী পীয়ূষ হাজৰিকাই ভাবুকি দিছে বুলি চৰ্চিত হৈছে ছচিয়েল মিডিয়াত। জাগীৰোডত এখন প্ৰচাৰ সভাত পীয়ূষ পত্নী আইমী বৰুৱাই নাগৰিকত্ব সংশোধনী আইন নমনাসকলে দেশ এৰি যাব লাগিব' বুলি মন্তব্যে কৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছিল।
বিজেপি বিধায়ক পীয়ূষ হাজৰিকাৰ এই টেলিফোননিক অডিঅ' ভাইৰেল হোৱাৰ পিছতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিবলৈও আহ্বান জনায় ৰিপুণ বৰাই।
সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাৱে। বিষয়টো সন্দৰ্ভত নিৰ্বাচন আয়োগক অনুসন্ধানৰ আহ্বান জনোৱাৰ লগতে অসমৰ সাংবাদিকৰ সুৰক্ষাৰ বিষয়টোও গুৰুত্বসহকাৰে লবলৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য় চৰাকৰক আহ্বান জনায়।
নিৰ্দিষ্ট সংবাদমাধ্যমত প্ৰকাশিত খবৰ মতে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধে সাংবাদিকজনে জাগীৰোড থানাত এখন এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে CAAৰ সন্দৰ্ভত নিৰ্বাচনী সভাত কৰা মন্তব্যক লৈ বৃহস্পতিবাৰে ভোটদান কৰিবলৈ আহি দুখ প্ৰকাশ কৰিছিল আইমী বৰুৱাই। অৱশ্যে মন্ত্ৰীগৰাকীয়ে এই পৰ্যন্ত এই ভাইৰেল টেলিফোনিক বিতৰ্কক লৈ সংবাদমাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই।
(নিউজ18-এ নিজাববীয়াকৈ মন্ত্ৰীৰ চৰ্চিত ভাইৰেল অডিও ৰেকৰ্ডিঙৰ সত্যতা নিৰূপণ নকৰে।)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|