২৮ নং গোসাইগাঁও বিধান সভা সমষ্টি Gosaigaon LAC)ত বৰ্তমান গৰম বতাহ বলিছে উপ নিৰ্বাচনৰ । অন্যান্য ৰাজনৈতিক দলবোৰৰ দৰে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে মিত্ৰজোঁটৰ অংশীদাৰ দল BJP, AGP আৰু UPPL দলে। আজি সমষ্টিটোৰ অন্তৰ্গত বাঘডোকৰাত মিত্ৰজোঁটৰ সমৰ্থিত UPPL দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী Jiran Basumatary)ৰ সমৰ্থনত সংখ্যালঘু অঞ্চলত মিত্ৰজোঁটৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।
নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি BTC প্ৰধান প্ৰমোদ বড়ো (Pramod Bodo)য়ে ভাষণ প্ৰসংগত কয় যে উপ নিৰ্বাচনত জয়ী হ'লেই চৰকাৰ নহয় নাইবা পৰাজয় হলেই চৰকাৰ ভাঙি নাযায়, কেন্দ্ৰত BJP দলৰ চৰকাৰ আছে আৰু ৰাজ্যতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছেই, গতিকে সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ হকে মিত্ৰজোঁটৰ সমৰ্থিত UPPLৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।
আনহাতে বিৰোধী দলৰ বিধায়কে সমষ্টিৰ একো কাম কৰিব নোৱাৰে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে (Ashok Singhal) কয়, "BJPৰ লগত থাকিলেহে সমষ্টিবাসী ৰাইজৰ উন্নয়ন হ'ব। আমাক ভোট দিয়ক, আমি আপোনালোকৰ সমস্যা সমাধা কৰি দিম।" বাঘডোকৰাত নিৰ্বাচনী সভাত মন্ত্ৰী অশোক সিংঘালে লগতে কয়, "আপোনালোকে পোন্ধৰশ ভোটৰ ভিতৰত চৌধ্যশ ভোট আমাক দিয়ক আমি দুমাহৰ ভিতৰত আপোনালোকৰ গংগাধৰ নদী (Gangadhar River)ৰ বান্ধ দি দিম। এক হাত দেন, আৰেক হাত নেন।"
উল্লেখ্য যে দুটা দহক ধৰি গংগাধৰ নদীয়ে তাণ্ডৱ চলাই আহিছে বাঘডোকৰা অঞ্চলত। নিৰ্বাচন আহে, নিৰ্বাচন যায়, কিন্তু গংগাধৰ নদীৰ গৰাখহনীয়া সমস্যাৰ সমাধান নহয়।এইবাৰ আকৌ মিত্ৰজোঁটে দিলে বান্ধ নিৰ্মাণৰ প্ৰতিশ্ৰুতি।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|