ৰাজ্যিক বিজেপিৰ কাৰ্যালয় উদ্বোধন উপলক্ষে খানাপাৰাত অনুষ্ঠিত হৈ হোৱা কাৰ্যকৰ্তা সন্মিলনৰ পিছত আজি অন্য ৰূপত দেখা গ'ল বিজেপি নেতৃত্বক।
ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বিজেপিৰ কৰ্মকৰ্তাই হাতত ঝাৰু লৈ এফালৰ পৰা পৰিষ্কাৰ কৰিলে খানাপাৰাৰ সভাস্থলী।
উল্লেখ্য শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নাড্ডাই অসম বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰাৰ লগতে কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছিল বিজেপি কৰ্মী।
Published by: Gautam Barman
FIRST PUBLISHED : October 09, 2022, 13:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|