CAA বিৰোধী প্ৰতিবাদক প্ৰত্যাহ্বান জনাই আজি খানাপাৰাত বিজেপিয়ে কৰিব শক্তি প্ৰদৰ্শন

News18 Assam | News18-Assam
Updated:January 4, 2020, 10:12 AM IST
CAA বিৰোধী প্ৰতিবাদক প্ৰত্যাহ্বান জনাই আজি খানাপাৰাত বিজেপিয়ে কৰিব শক্তি প্ৰদৰ্শন
Source-Google

আজি BJPৰ বুথ সভাপতি, জনপ্ৰতিনিধিৰ সন্মিলন। উপস্থিত থাকিব ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নাড্ডা

  • Share this:
ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতেই আজি গুৱাহাটীৰ খানাপাৰাত বিজেপিয়ে কৰিব শক্তি প্ৰদৰ্শন। প্ৰায় ৭০ হাজাৰ লোকক সমাগম কৰোৱাৰ লক্ষ্য স্থিৰ কৰি আজি বিজেপিয়ে আয়োজন কৰিছে বুথ কাৰ্যকৰ্তা সন্মীলন। উপস্থিতি থাকিব বিজেপিৰ প্ৰায় সকলো মন্ত্ৰী, বিধায়ক, সাংসদ।

বিজেপিয়ে আজি আয়োজন কৰা সমাৱেশত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডা। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদৰ ৰাম মাধৱো উপস্থিত থাকিব সভাখনত। দিনৰ ১১বজাৰ পৰা আৰম্ভ হ’ব এই সভা। সভাত কাৰ্যপন্থা নিৰ্দ্ধাৰণ কৰিব বিজেপিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি