নাজিৰাত বিজেপিৰ এক বিশাল জনসভাত আজি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি নাজিৰাত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী৷ নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে নাজিৰাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত হৈ অমিত শ্বাহে ময়ুৰ বৰগোহাঁইক ভোট দিবলৈ ৰাইজক আহ্বান জনাই ৷
আজমলক ভোট দি অনুপ্ৰৱেশকাৰীক সুবিধা নিদিবলৈ আহ্বান জনাই অমিত শ্বাহে
বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰিব বুলিও ঘোষণা কৰে সভাত৷
আনহাতে, এই সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপিৰ চৰকাৰ আহিলে বছৰি এক লাখকৈ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি ঘোষণা কৰে৷ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অনুগ্ৰহত ৰাজনীতিলৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্তই হিতেশ্বৰ শইকীয়াৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে৷
ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ভোট দিয়া মানে অসমলৈ আকৌ এবাৰ মোগলক মাতি অনা হ’ব বুলি মন্তব্য কৰে৷ এই নিৰ্বাচনী সভাত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী যোগেন মহন, শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীৰ লগতে মিত্ৰজোঁটৰ বহুকেইজন কৰ্মকৰ্তা৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|