মুখ্যপৃষ্ঠা »খবৰ »অসম »BJPএ বাতিল কৰিছে ইটোৰ পিছত সিটো কাৰ্যসূচী ! বিজেপিৰ কাৰ্যনিৰ্বাহকৰ লগতে বাতিল জে পি নাড্ডাৰ উত্তৰ পূব ভ্ৰমণো ...

BJPএ বাতিল কৰিছে ইটোৰ পিছত সিটো কাৰ্যসূচী ! বিজেপিৰ কাৰ্যনিৰ্বাহকৰ লগতে বাতিল জে পি নাড্ডাৰ উত্তৰ পূব ভ্ৰমণো ...

জে পি নাড্ডা,তেজস্বী সূৰ্য্য নাহে ৷ বাতিল হ'ল বিজেপিৰ ডিফু কাৰ্যনিৰ্বাহকো। ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

জে পি নাড্ডা,তেজস্বী সূৰ্য্য নাহে ৷ বাতিল হ'ল বিজেপিৰ ডিফু কাৰ্যনিৰ্বাহকো। ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

জে পি নাড্ডা,তেজস্বী সূৰ্য্য নাহে ৷ বাতিল হ'ল বিজেপিৰ ডিফু কাৰ্যনিৰ্বাহকো। ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

  • Share this:
কোভিডৰ সংক্ৰমণে আকৌ জোকাৰিছে বিশ্বক ৷ দৈনিক বৃদ্ধি পাইছে সংক্ৰমিতৰ সংখ্যা ৷ ভাৰতৰ বহু কেইখন ৰাজ্যই ইতিমধ্যে কোভিডক ৰোধ কৰাৰ বাবে হাতত লৈছে বহু কঠোৰ সিদ্ধান্ত ৷ অসমেও শুকুৰবাৰে জাৰি কৰিলে নতুন SOP. বহু প্ৰতিৱন্ধকতা আহি পৰিল নতুন SOPৰ জড়িয়তে ৷

শিক্ষাৰ পৰা ব্যৱসায়ীক প্ৰতিষ্ঠানলৈকে, চৰকাৰী কৰ্মচাৰীৰ পৰা অন্যান্য ক্ষেত্ৰক বান্ধি দিয়া হৈছে নতুন SOPৰ জড়িয়তে কঠোৰ নিয়ম ৷ এই সময়ছোৱাতে বিজেপিয়ে উপদেশতকৈ আৰ্হি ভাল নীতিৰে বাতিল কৰিছে বহু কাৰ্যসূচী ৷ ১৭আৰু ১৮ জানৱাৰীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হোৱাৰ কথা আছিল ডিফুত ৷ ইয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুতিও কৰিছিল দলটোৱে ৷ পিছে, শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হৈ ডিফুত হ'ব লগীয়া কাৰ্যনিৰ্বাহক বাতিলৰ কথা ঘোষণা কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ "কোভিডে এতিয়া ভয়ানক ৰূপ লৈছে ৷ এই সময়ছোৱাত আমি নিজকে সুৰক্ষিত কৰি ৰখাৰ খুবেই দৰকাৰ ৷ আমি ডিফুত ১৭আৰু ১৮ জানুৱাৰীত হ'ব লগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহকখন বাতিল কৰিছোঁ ৷ মুখ্যমন্ত্ৰীৰ সৈতে আমি কথাবোৰ পুংখানুপুখভাৱে আলোচনা কৰিছোঁ ৷ আমাৰ কাৰ্যনিৰ্বাহকত চাৰিশৰ পৰা পাঁচশ মানুহ হ'ব গতিকে কম কৰাৰ উপায় আমাৰ হাতত নাই ৷ সেয়ে এতিয়া বাতিল কৰি পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহকৰ দিন ঘোষণা কৰা হ'ব"—ভৱেশ কলিতা অকল কাৰ্যনিৰ্বাহক বৈঠকেই নহয়; ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উত্তৰ পূব ভ্ৰমণো বাতিল কৰিলে বিজেপিয়ে ৷ শনিবাৰে গুৱাহাটীত উপস্থিত থাকি সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজ'ৰ্টত উপস্থিত থাকি সাংগঠনিক বৈঠকত উপস্থিত থকাৰ কথা আছিল ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ অৰুণাচলৰ বিজেপি বিধায়কৰ প্ৰশিক্ষণ শিবিৰতো ভাগ লোৱাৰ কথা আছিল জে পি নাড্ডাই ৷ ঠিক একেদৰে ত্ৰিপুৰাতো সাংগঠনিক বৈঠকত ভাগ লোৱাৰ আছিল কাৰ্যসূচী ৷ পিছে সকলো অনুষ্ঠান বাতিল হৈছে কোভিডক লৈ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷ ইফালে, শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত থকাৰ কথা আছিল বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যও ৷ "কাইলৈ অসমলে আহিব বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্য ৷ দুদিনীয়া ভ্ৰমণ সূচীৰে আহিব ৰাষ্ট্ৰীয় নেতা গৰাকী ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মিলিত হ'ব বিষয়ববীয়াৰে ৷ সুধাকণ্ঠৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জনাই নিশা ৰেডিছ্যন ব্লুত NORTH EAST FESTIVALত ভাগ ল'ব ৰাষ্ট্ৰীয় সভাপতি সূৰ্য্যই ৷ কাইলৈ নিশা কইনাধৰাত কটাই পৰহিলৈ ৰাওনা হ'ব কাজিৰঙালৈ ৷ কাজিৰঙালৈ যোৱাৰ সময়ত মৰিগাঁও,নগাঁও,কলিয়াবৰত কাৰ্যকৰ্তাৰে মিলিত হ'ব বৈঠকত ৷ দেওবাৰে দিল্লীলৈ উভতিব যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী ৷"—ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই কৈছে বাতিল হৈছে যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যৰো কাৰ্যসূচী ৷

শেহতীয়া বাতৰি