আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ সভাৰ সময়তে ডেৰগাঁৱত ঘটিল অঘটন। মুখ্যমন্ত্ৰীৰ সভাৰ সময়তে প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপিৰেই বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে। সভা মণ্ডপৰ মূল গেটতে প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী ।
সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিবেশনতে এই অথন্তৰ । অভিবেশনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত নিৰাপত্তাৰক্ষীয়ে সোমাব নিদিলে শাসকীয় পক্ষৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক। নিৰাপত্তাৰক্ষীৰ এই কাণ্ডৰ বাবেই সভাৰ মূল গেটতে প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী । মাটিত বহি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে ৷
ৰূপজ্যোতিয়ে কয়, আজি মই বৰ অপমান পালোঁ। মোৰ গাড়ী কিয় সোমাব নিদিলে। মোক আৰু স্থআনীয় বিধায়কক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে কিয় সোমাব নিদিলে? "
বিধায়কজনে আকৌ কয় যে মই ২০০৬ চনৰ পৰা বিধায়ক হৈ আছোঁ, কোনো দিন এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। মই আজি অপমানিত বোধ কৰিছোঁ বুলি আক্ষেপ কৰে মৰিয়নিৰ বিধায়কগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|