உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • By Election, Rupjyoti Kurmi : ভকত-বৈষ্ণৱৰ ৰোষত ৰূপজ্যোতি কুৰ্মীঃ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ পত্ৰত গুৰু আসন ব্যৱহাৰ...

    By Election, Rupjyoti Kurmi : ভকত-বৈষ্ণৱৰ ৰোষত ৰূপজ্যোতি কুৰ্মীঃ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ পত্ৰত গুৰু আসন ব্যৱহাৰ...

    "আগতে আমি ৰূপজ্যোতিক ভাল পাইছিলোঁ। ভোট দি জিকাইছিলোঁ। কিন্তু তেওঁৰ এনে কাৰ্যত আমি বহুত দুখ পাইছোঁ। নিৰ্বাচনৰ প্ৰচাৰত আমাৰ স্বাভিমান গুৰু আসনখন ব্যৱহাৰ কৰিব নালাগিছিল।"

    "আগতে আমি ৰূপজ্যোতিক ভাল পাইছিলোঁ। ভোট দি জিকাইছিলোঁ। কিন্তু তেওঁৰ এনে কাৰ্যত আমি বহুত দুখ পাইছোঁ। নিৰ্বাচনৰ প্ৰচাৰত আমাৰ স্বাভিমান গুৰু আসনখন ব্যৱহাৰ কৰিব নালাগিছিল।"

    "আগতে আমি ৰূপজ্যোতিক ভাল পাইছিলোঁ। ভোট দি জিকাইছিলোঁ। কিন্তু তেওঁৰ এনে কাৰ্যত আমি বহুত দুখ পাইছোঁ। নিৰ্বাচনৰ প্ৰচাৰত আমাৰ স্বাভিমান গুৰু আসনখন ব্যৱহাৰ কৰিব নালাগিছিল।"

    • Share this:
    বৰাকত চাইনবোৰ্ডত অসমীয়া আখৰত কলাৰং সনাক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে মৰিয়নিতো উপ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰূপজ্যোতি কুৰ্মীয়ে অসমীয়া সমাজৰ নামঘৰৰ গুৰু আসনক লৈ কৰা কাণ্ডই বিতৰ্কৰ সৃষ্টি কৰিছে। অসমীয়াৰ জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক নামঘৰৰ মণিকূটৰ গুৰু আসনক লৈ বিজেপি দলে কৰা নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰক লৈ এতিয়া মৰিয়নিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    মৰিয়নি উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰত নামঘৰৰ গুৰু আসনখনৰ প্ৰতিচ্ছবি সম্বলিত নিৰ্বাচনী প্ৰচাৰ পুস্তিকাখন ছপা কৰি ভোটাৰৰ মাজত বিতৰণ কৰাক লৈ মৰিয়নিৰ ভকত বৈষ্ণৱ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পবিত্ৰ গুৰু আসন সন্নিবিষ্ট পুষ্টিকাত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ লগতে মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো সন্নিবিষ্ট কৰিছে ।

    মহান গুৰু আসনক নিজৰ ৰাাজনীতিৰ মজিয়ালৈ আনি গুৰু দুজনাক অপমান কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ আধ্যাত্মিক চিন্তা-চৰ্চাকো চৰম কুঠাৰঘাত কৰিছে বুলি ভকত-বৈষ্ণৱ সকলে ক্ষোভ প্ৰকাশ কৰিছে।

    ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে কৰা অপপ্ৰচাৰত ক্ষোভ প্ৰকাশ কৰি আজি নকছাৰী লুখুৰাসন গাঁৱৰ ৰাইজে নামঘৰত সমবেত হৈ ৰূপজ্যোতি কুৰ্মী তথা বিজেপি দলৰ কৰ্মকাণ্ডক লৈ তীব্ৰ গৰিহণা দিয়ে। আজি দিনৰ ভাগত নামঘৰত সমবেত হৈ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে ক্ষোভ উজাৰি কয়, "আগতে আমি ৰূপজ্যোতিক ভাল পাইছিলোঁ। ভোট দি জিকাইছিলোঁ। কিন্তু তেওঁৰ এনে কাৰ্যত আমি দুখ পাইছোঁ। নিৰ্বাচনৰ প্ৰচাৰত আমাৰ স্বাভিমান গুৰু আসন খন ব্যৱহাৰ কৰিব নালাগিছিল।"

    বিজেপি দল তথা ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে গুৰু আসনখনক ব্যৱহাৰ কৰা কাৰ্যক মৰিয়নিৰ বহু সচেতন ব্যক্তিয়েও কঠোৰ সমালোচনা কৰিছে।
    Published by:Manjumoni Borah
    First published: