உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ''আগন্তুক দিনত মহিলাই দখল কৰিব মুখ্যমন্ত্ৰীৰ আসন''- তেজপুৰত আঙুৰলতা ডেকাই ক'লে

    ''আগন্তুক দিনত মহিলাই দখল কৰিব মুখ্যমন্ত্ৰীৰ আসন''- তেজপুৰত আঙুৰলতা ডেকাই ক'লে

    মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক শনিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় তেজপুৰ মাজগাঁওস্থিত হিলিবিলি বিবাহ ভৱনত৷ 

    মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক শনিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় তেজপুৰ মাজগাঁওস্থিত হিলিবিলি বিবাহ ভৱনত৷ 

    মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক শনিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় তেজপুৰ মাজগাঁওস্থিত হিলিবিলি বিবাহ ভৱনত৷ 

    • Share this:

    ''আগন্তুক দিনত মহিলাই দখল কৰিব মুখ্যমন্ত্ৰীৰ আসন৷ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা মহিলাৰো আছে৷ প্ৰতিটো নিৰ্বাচনত আসন সংৰক্ষণ ৫০ শতাংশতকৈ বেছি বিচাৰে মহিলাই৷ কিন্তু তাৰ পূৰ্বে মহিলা ৰাজনৈতিকভাৱে পৰিপক্ব তথা দক্ষ হ'ব লাগিব৷” -এই মন্তব্য প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ।


    তেজপুৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিজেপি মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত সাংগঠনিক সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে আঙুৰলতা ডেকাই এক সংবাদমেল সম্বোধি এই কথা উল্লেখ কৰে।


    ডেকাই মহিলাৰ আসন সংৰক্ষণৰ উপৰি মহিলাক কিদৰে স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰি তাৰ ওপৰত মহিলা মৰ্চাই আগন্তুক দিনত কাম হাতত ল'ব বুলি সংবাদমেলত সদৰী কৰে৷


    তদুপৰি তেওঁ মহিলাক শাৰীৰিকভাৱেও সক্ষম কৰি তোলাৰ বাবে সমৰকলা শিক্ষা দিয়াৰ লগতে বিদ্যায়তনিক শিক্ষা, সামাজিক শিক্ষা, যৌন শিক্ষা আদি প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি লগতে উল্লেখ কৰে৷


    উল্লেখ্য, মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক শনিবাৰে সন্ধিয়াৰ পৰা অনুষ্ঠিত হয় তেজপুৰ মাজগাঁওস্থিত হিলিবিলি বিবাহ ভৱনত৷ আনহাতে, কাইলৈ পুৱা পতাকা উত্তোলন অনুষ্ঠিত হোৱাৰ পিছত সম্বৰ্ধনা আৰু পুনৰ সাংগঠনিক দিশত সভা অনুষ্ঠিত হ'ব৷ দুপৰীয়ালৈ অনুষ্ঠিত হ'ব মূল সভা, য'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷


     মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকক লৈ তেজপুৰত সৃষ্টি হৈছে এক উদুলিমুদুলি পৰিৱেশ৷ ৰাজ্যৰ দূৰ-দূৰণিৰ পৰা অৰ্থাৎ ৪০খন সাংগঠনিক জিলাৰ পৰা আহিছে মহিলা প্ৰতিনিধি৷


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: