ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰাক্তন সম্পাদক, বৰ্তমান অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ, সদৌ অসম বাঙালী যৌথ মঞ্চৰ সভাপতি তথা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসৰ দেহাৱসান। যোৱানিশা ১২.১৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশ্বাসে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিশ্বাস।
সুকুমাৰ বিশ্বাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ মাননীয় উপাধ্যক্ষ তথা বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা সুকুমাৰ বিশ্বাসদেৱৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিলে। ছাত্ৰাৱস্থাৰ পৰাই সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিশ্বাসদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’’
আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সুকুমাৰ বিশ্বাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় সোণোৱালে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|