உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সতীৰ্থৰ ফেচবুক হেক কৰি দেশ বিৰোধী পোষ্ট শ্বেয়াৰ কৰিলে বিজেপি কৰ্মীয়ে

    সতীৰ্থৰ ফেচবুক হেক কৰি দেশ বিৰোধী পোষ্ট শ্বেয়াৰ কৰিলে বিজেপি কৰ্মীয়ে

    দলীয় সতীৰ্থৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈ আটক হ'ব লগীয়া হৈছে বিজেপি কৰ্মী।

    দলীয় সতীৰ্থৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈ আটক হ'ব লগীয়া হৈছে বিজেপি কৰ্মী।

    দলীয় সতীৰ্থৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈ আটক হ'ব লগীয়া হৈছে বিজেপি কৰ্মী।

    • Share this:
    দলীয় সতীৰ্থৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈ আটক হ'ব লগীয়া হৈছে বিজেপি কৰ্মী। মিজানুৰ ৰহমান নামৰ লোক এজনৰ ফেচবুক একাউণ্টৰ পাচৱৰ্ড আৰু আই ডি ব্যৱহাৰ কৰি মুকছিদুল মমিন নামৰ এজন বিজেপিৰ নেতাই ছছিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ আৰু হিন্দুস্তান মুৰ্দাবাদ পোষ্ট দিয়াত ৰূপহীহাটত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

    ছচিয়েল মিডিয়াত এই পষ্ট ভাইৰেল হৈ পৰিছে। তদুপৰি শাসকীয় বিজেপিৰ একাংশ নেতা নেত্ৰীৰ সন্দৰ্ভতো মিজানুৰে শ্বেয়াৰ কৰিছে অশ্লীল পোষ্ট। মন্ত্ৰী পীযুষ হাজৰিকা , ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভানেত্ৰী ছালমা জেছমিনকো গালি শপনি পাৰিছে ফেচবুক পষ্টৰ জৰিয়তে।

    এই আভিযোগ উত্থাপন কৰি মিজানুৰ ৰহমানে ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত মুকছিদুল মুমিনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত বিজেপি কৰ্মী মুকছিদুল মুমিনক গ্ৰেপ্তাৰ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: