প্ৰতিদিনে সাম্প্ৰদায়িক কথা বতৰাৰে সংবাদ শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰে বিজেপিৰ পালি নেতা সত্যৰঞ্জন বৰাই। ৰাজ্যজুৰি এতিয়া সত্যৰঞ্জনে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱাৰ অপচেষ্টা চলাইছে। উগ্ৰ হিন্দুত্ববাদী কথা বতৰাৰে মুছলামনৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰা সত্যৰঞ্জনৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু কৰা হৈছে বহুকেইটা গোচৰ। কিন্তু এই পৰ্যন্ত সত্যৰঞ্জনৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা।
তাৰ মাজতে শনিবাৰে বৰপেটাত উপস্থিত হৈ সত্যৰঞ্জনে কৰিলে বহু কেইটা সাম্প্ৰদায়িক মন্তব্য। সত্যৰঞ্জনে কয় যে, ‘ৰাজ্যত চলি থকা লাভ জেহাদৰ সৈতে তন্ত্ৰ মন্ত্ৰ, বেজ, জৰা ফুকা আদি জড়িত হৈ আছে ৷ তন্ত্ৰ মন্ত্ৰৰে প্ৰেমৰ জালৰ বন্দী কৰা হয় হিন্দু যুৱতী-বোৱাৰীক। আনকি সত্যৰঞ্জনৰ মতে, লাভ জেহাদৰ ঘটনাৰ সৈতে আৰবৰ দ্বাৰা পৰিচালিত একাংশ মৌলানাও জড়িত আৰু মছজিদ, মাদ্ৰাছাবোৰত তাৰেই শিক্ষা দিয়া হয়।’
ইপিনে ইছলাম আৰু কোৰাণ ৰাজনৈতিক ক্ষমতা দখলৰ চৈধ্যশ বছৰীয়া এক প্ৰক্ৰিয়া বুলিও বিজেপি নেতাজনে অভিহিত কৰে ৷ শনিবাৰে বৰপেটাত উপস্থিত হৈ সত্যৰঞ্জন বৰাই ৰাম সেনাই আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰি একাংশ লোকে নিজ ধৰ্ম ৰক্ষাৰ বাবে বজাৰত হালাল কৰা মাংসৰ বিক্ৰী বন্ধ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰে ৷ আনহাতে হিন্দুসকলক হালাল মাংস পৰিহাৰ কৰিবলৈও আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|