• Home
  • »
  • News
  • »
  • assam
  • »
  • উপ–নিৰ্বাচনত আটাইকেইখন আসন পাব মিত্ৰজোঁটে, ক’লে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই

উপ–নিৰ্বাচনত আটাইকেইখন আসন পাব মিত্ৰজোঁটে, ক’লে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই

উপ–নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিশেষ মন্তব্য প্ৰদানৰ পৰা আঁতৰি থাকে ৰাজ্যিক বিজেপিৰ নেতাজনে৷

উপ–নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিশেষ মন্তব্য প্ৰদানৰ পৰা আঁতৰি থাকে ৰাজ্যিক বিজেপিৰ নেতাজনে৷

উপ–নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিশেষ মন্তব্য প্ৰদানৰ পৰা আঁতৰি থাকে ৰাজ্যিক বিজেপিৰ নেতাজনে৷

  • Share this:
আগন্তুক উপ-নিৰ্বাচনত মিত্ৰজোঁটে আটাইকেইখন আসনতে জয়লাভ নিশ্চিত৷ এই মন্তব্য ৰাজ্যিক বিজেপি সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত মাণ্ডলিক সাংগঠনিক সভাত অংশ লৈ আগন্তুক উপ–নিৰ্বাচনকলৈ এই মন্তব্য কৰে শৰ্মাই৷ ইতিমধ্যে নিৰ্বাচনত ঘোষণা কৰা পাঁচটা সমষ্টিতে বিজেপিৰ লগতে মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে সম্পূৰ্ণ সাজু হৈছে আছে বুলি জানিবলৈ দি তেওঁ কয় যে প্ৰতিটো সমষ্টিতে বিজেপিৰ কৰ্মকৰ্তাসকল লাগি আছে৷ অহা ৩০ অক্টোবৰত অনু্ষ্ঠিত হ’বলগীয়া নিৰ্বাচনত জয় এশ শতাংশই নিশ্চিত৷

আনহাতে, উপ–নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিশেষ মন্তব্য প্ৰদানৰ পৰা আঁতৰি থাকে ৰাজ্যিক বিজেপিৰ নেতাজনে৷ উল্লেখযোগ্য যে, বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত নখন জিলাৰ প্ৰতিনিধিৰ মাজত সাংগঠনিক সভা অনুষ্ঠিত হয়। দলৰ বঙাইগাঁও জিলাৰ লগতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, পূব ধুবুৰী, চিৰাং,  কোকৰাঝাৰ,  দক্ষিণ শালমাৰা, মানকাচাৰ জিলাৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷ সভাত নামনি অসমত বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰাৰ লগতে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে৷

ইফালে সভাত উপস্থিত থাকি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁয়ে কয় যে দলীয় স্থিতি শক্তিশালী কৰাৰ বাবে ৰাজ্যিক সমিতিয়ে মাণ্ডলিক ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি বঙাইগাঁৱত দহখনকৈ জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত সভা অনুষ্ঠিত কৰা হৈছে। দলটোক ৰাইজৰ কাষ চপাই নিয়াৰ বাবে সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি পদক্ষেপ লোৱা হয়৷ সভাত বিজনীৰ বিধায়ক অজয় ৰয়,  বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰী, সাধাৰণ সম্পাদক শংকৰ বিশ্বাসকে প্ৰমুখ্য কৰি জিলাৰ লগতে বিভিন্ন জিলাৰ নেতৃবৰ্গ উপস্থিত থাকে৷
Published by:Sanjay Kumar Das
First published: