পিতৃৰ জানাজাত কেনেকৈ হ’ল ইমান ভিৰ? আমিনুল ইছলামে উত্তৰ দিব লাগিব: নোমল মমিন

ফাইল ফটো
বিধায়ক গৰাকীয়ে ইয়াৰ উত্তৰ দিব লাগিব ৷"—ডা৹ নোমল মমিন
- News18 Assam
- Last Updated: July 4, 2020, 5:33 PM IST
ক'ৰোনাতংকৰ মাজতে ভয়ংকৰ ঘটনা। ধৰ্মীয় নেতাৰ জনাজাত সমবেত হ'ল লক্ষাধিক। নগাঁও প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈ এতিয়া সচেতন ৰাইজে তুলিছে প্ৰশ্ন।Posted by News18 Assam & NE on Friday, July 3, 2020
যি সময়ত ক'ভিড ১৯ৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে সেই সময়চ ক'ভিড সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে বান্ধি দিয়া গাইডলাইন মনাতো নিতান্তই আৱশ্যক ৷ কিন্তু ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পিতৃৰ বিয়োগৰ পিছত তাৰ স্থানীয় লোকে কোনো নিয়ম নামানি উপস্থিত হৈছিল জানাজাত ৷
ইয়াক লৈ এতিয়া প্ৰশ্ন তুলিছে বিজেপি বিধায়ক ডা৹ নোমল মমিনে ৷ "এয়া দুৰ্ভাগ্যজনক ৷ এজন জনপ্ৰতিনিধিয়ে এই নিয়ম নামানিলে কোনে মানিব ৷ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ ৷ কিন্তু, এনে সংকটৰ সময়ত ইমানবোৰ মানুহক একত্ৰিত হ'বলৈ দিব নালাগিছিল ৷ কোনো সামাজিক দূৰত্ব মনা দেখা নগ'ল ৷ এয়া ভয়াৱহ সংকেত ৷ বিধায়ক গৰাকীয়ে ইয়াৰ উত্তৰ দিব লাগিব"।