‘‘আমাৰ ল’ৰাই ২১ বছৰত বিয়া পাতে, ছোৱালীয়ে ১৮ বছৰত বিয়া পাতে, সিহঁতে ৪০ বছৰলৈকে ১, ২, ৩ গৰাকী অবৈধ পত্নী ৰাখে। সন্তান জন্ম হ’বলৈ নিদিয়ে, ৪০ বছৰৰ পিছত পিতৃ-মাতৃয়ে হেঁচা দিলে নতুবা ফচি গ'লে বিয়া পাতে। ৪০ বছৰৰ পিছত সন্তান জন্ম কেনেকৈ হ’ব? মুছলমানৰ নিচিনাকৈ ২১, ১৮ বছৰত বিয়া পাতক।''– এআইইউডিএফ দলৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ হিন্দু সমাজক লৈ কৰা এনে তৰল আৰু অসাংবিধানিক মন্তব্যই এতিয়া গোটেই ৰাজ্যতে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।
শুকুৰবাৰে নিশা হাইলাকান্দিত উপস্থিত হৈ এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে কয়, মৌলানা বদৰুদ্দিন আজমলে হিন্দু সমাজৰ লগতে গোটেই নাৰী জাতিক অপমান কৰিছে।
লগতে নাৰী সবলীকৰণৰ বাবে কাম কৰি অহা মুখ্যমন্ত্ৰীক লৈ আজমলে কৰা মন্তব্যৰ সমালোচনা কৰি তেওঁ নিজৰ সমাজক সঠিক পথ দেখুৱাবলৈ আজমলক আহ্বান জনায়। লগতে এনে মন্তব্যৰ পিছতে ক্ষমতা থাকিলে এবাৰ তিনিগৰাকী AIUDF বিধায়ক থকা হাইলাকান্দি জিলাত প্ৰৱেশ কৰি দুখুৱাবলৈ বদৰুদ্দিন আজমলক আহ্বান জনায় তেওঁ। ইপিনে, আজি মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰিব বুলিও জনায় বিজেপি নেত্ৰী মুন স্বৰ্ণকাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|