সাংবাদিকৰে হোৱা বাৰ্তালাপত খানে কয় – সত্যৰঞ্জন বৰা বিজেপিৰ কোনো দলীয় পদত নাই, গতিকে সত্যৰঞ্জন বৰাই দিয়া বক্তব্য বিজেপিৰ বক্তব্য নহয়।
সাংবাদিকৰে হোৱা বাৰ্তালাপত খানে কয় – সত্যৰঞ্জন বৰা বিজেপিৰ কোনো দলীয় পদত নাই, গতিকে সত্যৰঞ্জন বৰাই দিয়া বক্তব্য বিজেপিৰ বক্তব্য নহয়।
এইবাৰ হিন্দুত্ব বাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে বিজেপি নেতাই। সত্যৰঞ্জন বৰাৰ বক্তব্যক পাগলৰ প্ৰলাপ বুলি ক'লে বিজেপিৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাই। বৰপেটাৰ চেঙাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিলে বিজেপি নেতা মুক্তাৰ হুছেইন খানে। চেঙাত মঙলবাৰে অনুষ্ঠিত বিজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে উভতি ধৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক।
সাংবাদিকৰে হোৱা বাৰ্তালাপত খানে কয় – সত্যৰঞ্জন বৰা বিজেপিৰ কোনো দলীয় পদত নাই, গতিকে সত্যৰঞ্জন বৰাই দিয়া বক্তব্য বিজেপিৰ বক্তব্য নহয়।
সত্যৰঞ্জন বৰাৰ বক্তব্যক প্ৰলাপ আখ্যা দিয়ে মুক্তাৰ হুছেইন খানে। সত্যৰঞ্জন বৰাৰ কি হৈছে সিকিৎসকেহে সঠিককৈ ক’ব পাৰিব বুলি কয় তেওঁ। সত্যৰঞ্জন বৰাই যাতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নোৱাৰে তাৰ বাবে চৰকাৰে সকীয়াই থকা বুলি উল্লেখ কৰে খানে।
সত্যৰঞ্জন বৰাই সীমা উলংঘন কৰিলে চৰকাৰে ব্যৱস্থা ল'ব বুলিও দাবী কৰে খানে। সত্যৰঞ্জন বৰাই কোৰাণ বিশ্বাস কৰা লোকসকলক অসূৰৰ লগত তুলনা কৰা সন্দৰ্ভত তেওঁ কয় - সত্যৰঞ্জন বৰাৰ এই মন্তব্য বৰ মৰ্মান্তিক। পৃথিৱীৰ ২৫–২৬% মানুহে কোৰাণ পঢ়ে। গতিকে এই ২৬% মানুহ অসূৰ হ'লে বিশ্বখন ধ্বংস হৈ গ'লহেঁতেন। ধৰ্মৰ ভিত্তিত মানুহ ভাল-বেয়া নহয় বুলি উল্লেখ কৰি খানে পুনৰ কয় "মই এটা কথাই জানো ভাল মানুহ আৰু বেয়া মানুহ।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|