চৈয়দ আব্দুল মালিকক লৈ কটু মন্তব্য কৰি শ’লঠেকত শিলাদিত্য, ফেচবুকত প্ৰকাশ কৰিলে দুখ

News18 Assam | News18-Assam
Updated:August 9, 2020, 2:15 PM IST
চৈয়দ আব্দুল মালিকক লৈ কটু মন্তব্য কৰি শ’লঠেকত শিলাদিত্য, ফেচবুকত প্ৰকাশ কৰিলে দুখ
বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল৷

বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল৷

  • Share this:
দেওবাৰে হোজাইৰ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেৱে বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য৷ আব্দুল মালিকৰ 'মই অসমীয়া' কবিতাৰ আলম লৈ চৈয়দ আব্দুল মালিকক আখ্যা দিছিল 'বৌদ্ধিক জেহাদী'৷ বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল৷ মমিনুল আৱালে তেওঁৰ বক্তব্যত কৈছে,"শিলাদিত্য দেৱে ব্যক্তিগতভাৱে কৰা মন্তব্যৰ মই ব্যক্তিগতভাৱে তীব্ৰ বিৰোধিতা কৰিছো৷ বিধায়ক শিলাদিত্য দেবৰ মন্তব্য গৰিহনাৰ যোগ্য৷ অসমীয়া সাহিত্যলৈ বৰঙণি যোগোৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মালিক চাহাবক শিলাদিত্য দেবে কিদৰে ক'লে বৌদ্ধিক জেহাদী বুলি৷ শিলাদিত্য দেৱে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব৷ শিলাদিত্য দেৱৰ বিৰুদ্ধে থিয় দিয়ক অসম সাহিত্য সভা৷ লগতে মই গৰিয়া মৰিয়াৰ বিভিন্ন সংগঠনৰ লগতে আন জাতীয়, জনগোষ্ঠীয় সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো আহ্বান জনাইছো৷ শিলাদিত্য দেৱৰ এনে কাৰ্যৰ মই বিৰোধিতা কৰো আৰু কৰি যাম৷"

ইফালে, নিজৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে ফেচবুকযোগে দুখ প্ৰকাশ কৰে বিধায়ক শিলাদিত্য দেৱে। ফেচবুকত শিলাদিত্য দেৱে লিখিছে – ‘‘...মালিক চাহাবৰ ‘আমি অসমীয়া’ নামৰ দীঘল কবিতাটো পঢ়ি আন বহুতৰ দৰেই মোৰ মনতো কেতবোৰ চিন্তা–ভাৱনাৰ উদ্ৰেক হৈ আহিছে সেয়া সত্য। আৰু সেইবাবেই মই মালিক চাহাব সন্দৰ্ভত শেহতীয়াকৈ কৰা এক মন্তব্যক লৈ কোনো কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে। যদি মোৰ বক্তব্যই কাৰোবাক কষ্ট দিছে তেন্তে তাৰ বাবে দুখ প্ৰকাশ কৰিছে। কাকো দুখ দিয়াৰ উদ্দেশ্য নাছিল মোৰ। বিষয়টো ইয়াতে ইতি পেলাবলৈ সংশ্লিষ্ট সকলক আহ্বান জনালো। মোৰ মন্তব্য আছিল একান্ত ব্যক্তিগত আৰু ইয়াৰ সৈতে মোৰ দল তথা চৰকাৰৰ কোনো সম্পৰ্ক নাই সেয়াও স্পষ্ট কৰি দিলো।’’
Published by: Sanjay Kumar Das
First published: August 9, 2020, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading