‘শ্বেৰমান আলীৰ পিঠিত এতিয়াও থাকিব পাৰে কাটা তাঁৰৰ দাগ’- প্ৰফুল্ল মহন্ত আৰু প্ৰতীক হাজেলাকো আক্ৰমণ মমিনুল আৱালৰ

News18 Assam | News18-Assam
Updated:October 28, 2020, 7:28 PM IST
‘শ্বেৰমান আলীৰ পিঠিত এতিয়াও থাকিব পাৰে কাটা তাঁৰৰ দাগ’- প্ৰফুল্ল মহন্ত আৰু প্ৰতীক হাজেলাকো আক্ৰমণ মমিনুল আৱালৰ
২০২১ত মিঞাক দিছপুৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে বিজেপি নেতা মমিনুল আৱালে ৷ প্ৰয়োজনত গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ সাজু বিজেপি নেতাগৰাকী ৷

২০২১ত মিঞাক দিছপুৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে বিজেপি নেতা মমিনুল আৱালে ৷ প্ৰয়োজনত গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ সাজু বিজেপি নেতাগৰাকী ৷

  • Share this:
২০২১ত মিঞাক দিছপুৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে বিজেপি নেতা মমিনুল আৱালে ৷ প্ৰয়োজনত গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ সাজু বিজেপি নেতাগৰাকী ৷ ৰাজ্যত এতিয়া চলি আছে মিঞা মিউজিয়াম বিতৰ্ক ৷ এই বিতৰ্কৰ মাজতে মিঞা মিউজিয়ামৰ বিৰুদ্ধে বাৰুকৈয়ে সৰৱ হ'ল বিজেপি নেতা মমিনুল আৱাল ৷ আৱালৰ স্পষ্ট কথা শংকৰদেৱ কলাক্ষেত্ৰত কেতিয়াও মিঞা মিউজিয়াম হ'বলৈ নিদিয়ে বিজেপি চৰকাৰে ৷ মিঞা মিউজিয়াম লাগে বুলি দাবী কৰা বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক আক্ৰমণৰ লক্ষ্য কৰি বিজেপি নেতা মমিনুল আৱালে ক'লে,"শ্বেৰমান আলী মৈমনসিঙীয়া মিঞা ৷ মিঞাবোৰক সকলো দল সংগঠনৰ পৰা বাহিৰ কৰিব লাগে ৷ তেওঁলোকে খেতি কৰক ৷ যিহেতু কাণত ধৰি বাংলাদেশত থৈ আহিব নোৱাৰি এতিয়া ৷ ১৯৭৯ৰ পৰা মিঞাৰ বিৰুদ্ধে অসমে যুঁজ দি আহিছে ৷" আনকি শ্বেৰমান আলীৰ পিঠিত এতিয়াও কাটা তাঁৰৰ দাগ থাকিব পাৰে বুলি কটাক্ষ কৰে মমিনুল আৱালে।

প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰতীক হাজেলাকো আক্ৰমণ মমিনুল আৱালৰ-"প্ৰফুল্ল কুমাৰ মহন্তই বহু মিঞাক অসমীয়া কৰাৰ সুযোগ দিলে ৷ বাংলাদেশীক অসমীয়া কৰাত সাৰ পানী যোগালে হাজেলাই ৷"

আৱাল ইমানেই নহয়, আছুৰ ঔৰষত জন্ম লাভ কৰা অসম জাতীয় পৰিষদতো এতিয়া বাংলাদেশী ভৰিছে বুলি তথ্য সহকাৰে অভিযোগ আনিলে মমিনুল আৱালে ৷ AJPৰ বৰপেটাত আহ্বায়কক পূৰ্ববংগীয় মিঞা বুলি উল্লেখ কৰিলে বিজেপি নেতাগৰাকী ৷ ইফালে সাহিত্য সভাত থকা ইছমাইল হোছেইনকো খাটি মিঞা বুলি মন্তব্য আৱালৰ ৷ মিঞা মিউজিয়ামৰ পোষকতা কৰা শ্বেৰমান আলীক পুনৰ আক্ৰমণ কৰি মমিনুল আৱালে ক'লে,"কংগ্ৰেছ দলটো এতিয়া মিঞাৰ দল ৷ কংগ্ৰেছ, AIUDF, AAMSU, BJPসকলোতে বাংলাদেশী আছে বুলি কৈ মমিনুল আৱালে লগতে ক'লে মিঞাৰ আগ্ৰাসন ৰুধিবলৈ সকলো খিলঞ্জীয়া এক হোৱাৰ কৰিলে আহ্বান ৷ মুঠৰ ওপৰত বুধবাৰে এইদৰেই সৰৱ হ'ল বিজেপি নেতা গৰাকী ৷
Published by: Himangshu Bhuyan
First published: October 28, 2020, 7:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading