মোগল কোন? অসমত মোগলৰ বংশধৰ কোন কোন আছে? মাদ্ৰাছা কিয় বন্ধ হ’ব লাগে? বিজেপি নেতাৰ বিস্ফোৰক সংবাদমেল

News18 Assam | News18-Assam
Updated:October 16, 2020, 1:24 PM IST
মোগল কোন? অসমত মোগলৰ বংশধৰ কোন কোন আছে? মাদ্ৰাছা কিয় বন্ধ হ’ব লাগে? বিজেপি নেতাৰ বিস্ফোৰক সংবাদমেল
'মাদ্ৰাছা আৰু মোগল' বিষয়কলৈ বিজেপি নেতা মমিনুল আৱালৰ সংবাদমেল।

'মাদ্ৰাছা আৰু মোগল' বিষয়কলৈ বিজেপি নেতা মমিনুল আৱালৰ সংবাদমেল।

  • Share this:
মোগল কোন? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত এতিয়াও মোগলৰ আক্ৰমণ চলি আছে বুলি ৰাজহুৱাকৈ কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। এইবাৰ মোগল আৰু মাদ্ৰাছাৰ বিষয়ৰ ওপৰত বিজেপি নেতা মমিনুল আৱালৰ সংবাদমেল। সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে কোন সকলক মোগল আখ্যা দিছে, সেই বিষয়ে কেতবোৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপি নেতা জনে।

বিজেপি নেতা মমিনুল আৱালৰ মন্তব্য-


  • মোগলৰ আক্ৰমণ এতিয়াও আছে বুলি কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যক কেতবোৰ ৰাজনৈতিক শক্তিয়ে ধৰ্মীয় ৰহন সনাৰ চেষ্টা কৰিছে। ধৰ্মীয় মেৰুকৰণেৰে বাংলাদেশীমূলৰ মুছলমানৰ ভোট বিচাৰিছে একাংশ শক্তিয়ে।

  • সংস্কৃতি,ভাষা, সত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, জনজাতীয় অঞ্চল আগ্ৰাসন কৰা সকলকহে মুখ্যমন্ত্ৰীয়ে মোগল বুলি কৈছে। প্ৰফুল্ল কুমাৰ মহন্তই অসম চুক্তিৰে যাক ৰাতিটোৰ ভিতৰতে ভাৰতীয় কৰিলে সেইসকল মোগলৰ বংশধৰ। প্ৰফুল্ল কুমাৰ মহন্তও মোগলৰ বংশধৰ।

  • মোগল মানেই মুছলমান নহয়, ৰাম সিংহ মোগলৰ সেনাপতি আছিল। মোগল গৌৰৱ গগৈও হ'ব পাৰে, ৰকিবুল, বদৰুদ্দিন, ৰিপুণ, কৃষক নেতাও হ’ব পাৰে।

  • সামাজিক,অৰ্থনৈতিক যুদ্ধ দি যাম আমি এইচাম মোগলৰ বিৰুদ্ধে। লাচিত বৰফুকনৰ মোগলৰ বিৰুদ্ধে যুঁজত ইছমাইল অৰ্থাৎ বাঘ হাজৰিকা আছিল। খিলঞ্জীয়া মুছলমানৰ সকলো সময়তে অৰিহণা আছিল আছে।


  • সাহিত্য সভাক কম্পিউটাৰ দি, কুৱেইটৰ পৰা কলহ আনি নিজকে খিলঞ্জীয়া হ'বলৈ যোৱা সকল মোগলৰ বংশধৰ।

  • পূৰ্ববংগীয় মুছলমানৰ লগত আমাৰ সম্পৰ্ক নাই, নাছিল আৰু নাথাকে। একাংশই এতিয়া  মোগল, মাদ্ৰাছাক লৈ মেৰুকৰণ কৰিবলৈ গৈছে।


ৰাজ্য চৰকাৰে বন্ধ কৰিব নেকি মাদ্ৰাছা? কি ক’লে মমিনুল আৱালে?

  • চৰকাৰে মাদ্ৰাছা বন্ধ কৰিবলৈ লোৱা নাই। চৰকাৰে কিছুমান বিদ্যালয়হে বন্ধ কৰিবলৈ লৈছে। মাদ্ৰাছা লেবেল থকা বিদ্যালয় বন্ধ কৰিবলৈ লৈছে যিবোৰ ৰঘূমলাৰ দৰে জন্ম হৈছে।

  • ছাহানুৰৰ দৰে জেহাদীৰ আশ্ৰয়স্থল মাদ্ৰাছা আছিল। য'ত আৰবীয় সভ্যতাহে শিকোৱা হয়।
    ইছলামে কৈছে যি দেশত থাকিবা তাৰ ভাষা সংস্কৃতি গ্ৰহণ কৰা।

  • বদৰুদ্দিন আজমলকে ধৰি কিছু ধৰ্মীয় নেতাই NGOৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰা ধন আনে। বিষয়টো  চৰকাৰে তদন্ত কৰিব লাগে।

Published by: Himangshu Bhuyan
First published: October 16, 2020, 1:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading