'ৰিপুণ বৰা ফাগুনৰ পছোৱাত উৰি থকা তুলা, সাংসদ অজিত ভূঞা অসমীয়াৰ নহয় ‘অহমীয়া’ৰ পক্ষতহে’

News18 Assam | News18-Assam
Updated:August 8, 2020, 9:49 AM IST
'ৰিপুণ বৰা ফাগুনৰ পছোৱাত উৰি থকা তুলা, সাংসদ অজিত ভূঞা অসমীয়াৰ নহয় ‘অহমীয়া’ৰ পক্ষতহে’
জামুগুৰিহাটত ঘটা ঘটনাত মাত নাই যে! মেকুৰী দেখিলে নিগনী গাঁতত সোমোৱাৰ দৰে গাঁতত সোমাল নেকি এইসকল?— প্ৰশ্ন কৰিলে বিজেপি নেতা মমিনুল আৱালে

জামুগুৰিহাটত ঘটা ঘটনাত মাত নাই যে! মেকুৰী দেখিলে নিগনী গাঁতত সোমোৱাৰ দৰে গাঁতত সোমাল নেকি এইসকল?— প্ৰশ্ন কৰিলে বিজেপি নেতা মমিনুল আৱালে

  • Share this:
বিজেপিয়ে ৰিপৰ্ট কাৰ্ড দিয়াক লৈ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল কৰিম বুলি কোৱাৰ পিছতে উভতি ধৰিছে বিজেপিয়ে ৷ ঢেকীয়াজুলি,জামুগুৰিহাটৰ কাণ্ডত মাত নমতা সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহুকেইজনলৈ প্ৰশ্ন মমিনুল আৱালৰ ৷



"ৰিপুণ বৰা ফাগুনৰ পছোৱাত উৰি থকা তুলা ৷  তিহাৰ ফেৰতে কি দিব ছাৰ্জশ্বিট? বতাহ নাথাকিলে কাম নাই ৰিপুণ বৰাৰ ৷ ৰিপুণ বৰাৰ দৰে কংগ্ৰেছীৰ কথাত গুৰুত্ব নিদিয়ে বিজেপিয়ে ৷ যিজন মানুহ তিহাৰ জে'ল খাতি আহিছে সেইজন ব্যক্তিক সভাপতি পাতি কংগ্ৰেছে সকলো কথা পৰিস্কাৰ কৰি থৈছে ৷ বিজেপি পিছে তেনে দল নহয়, বিজেপি ৰাইজৰ বিশ্বাসক সাৰোগত কৰি চলা দল ৷"— এই মন্তব্য বিজেপি নেতা মমিনুৱ আৱালৰ।



মনিনূল আৱালে আনকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক নেতৃত্ব দিয়া নেতা সকলক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, ‘ঢেকীয়াজুলি, জামুগুৰিহাটত সংঘটিত ঘটনাত কিয় নিমাত অজিত কুমাৰ ভূ়ঞা, প্ৰফুল্ল কুমাৰ মহন্ত, অদীপ ফুকন আদি নেতা? চানমাৰীত শিৰ ফুলাই বক্তৃতা দিয়া এই সকল নেতাই তৰাত ধৰিলে তৰা চিঙে নৰাত ধৰিলে নৰা৷ ডিচেম্বৰ-জানুৱাৰীত বিদেশীৰ ভূতে খেদা মণজিত্‍ মহন্ত এতিয়া ক'ত? জামুগুৰিহাটত ঘটা ঘটনাত মাত নাই যে! মেকুৰী দেখিলে নিগনী গাঁতত সোমোৱাৰ দৰে গাঁতত সোমাল নেকি এইসকল?’

ইমানেই নহয় আৰু এখোজ আগুৱাই গৈ সাংসদ অজিত ভূঞাকে ধৰি একাংশলৈ পুনৰ প্ৰশ্ন মমিনুল আৱালৰ " তেওঁলোক অসমীয়া নে অহমীয়াৰ পক্ষত? মোৰ বোধেৰে তেওঁলোক অহমীয়াৰ পক্ষতহে ৷ আমাৰ দৰে অসমীয়াৰ পক্ষত নহয়"—মমিনুল আৱাল
Published by: Himangshu Bhuyan
First published: August 8, 2020, 9:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading