নাটকৰ বিৰতিৰ সময়তো বিজেপিত যোগদান কৰাবলৈ খাটনি ধৰিছিল যতীন বৰাই, ফেচবুকত জ্যেষ্ঠ নেত্ৰীৰ বিস্ফোৰণ

‘বিজেপিলৈ গৈ যতীন বৰাই কি পাব?’ – বিজেপিৰ বেয়া সময়ত দলক শক্তিশালী কৰাৰ আহ্বানক নৱনীতা শৰ্মাই ভৰ্ৎসনা কৰিছিল।’

News18-Assam
Updated:October 15, 2019, 3:20 PM IST
নাটকৰ বিৰতিৰ সময়তো বিজেপিত যোগদান কৰাবলৈ খাটনি ধৰিছিল যতীন বৰাই, ফেচবুকত জ্যেষ্ঠ নেত্ৰীৰ বিস্ফোৰণ
‘বিজেপিলৈ গৈ যতীন বৰাই কি পাব?’ – বিজেপিৰ বেয়া সময়ত দলক শক্তিশালী কৰাৰ আহ্বানক নৱনীতা শৰ্মাই ভৰ্ৎসনা কৰিছিল।’
News18-Assam
Updated: October 15, 2019, 3:20 PM IST
ফেচবুকত জনপ্ৰিয় অভিনেতা যতীন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জ্যেষ্ঠ বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ। ২০০৯ চনৰ কথা উল্লেখ কৰি মীৰা বৰঠাকুৰে ফেচবুকত শ্বেয়াৰ কৰিছে এটা পোষ্ট। পোষ্টটোত মীৰা বৰঠাকুৰে লিখিছে – ‘২০০৯ চন, তেতিয়া বিজেপিৰ বৰ ভাল সময় নাছিল অসমত৷ আমি কিবা পৰিবৰ্তন কৰিব পাৰি নেকি বহু চিন্তা কৰি অসমৰ বহু শিল্পীৰ দুৱাৰে দুৱাৰে বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰি ঘুৰি ফুৰিছিলো ৷ দীনেশ দাস, নিপণ গোস্বামী ,যতীন বৰা ,বিদ্যা সাগৰ ইত্যাদি ইত্যাদি ৷ সকলোৰে উত্তৰ এটায়ে আছিল আমাক বিজেপিত যোগদান কৰিলে কি দিব? এতিয়াটো বিজেপিত একো নাই ! যতীন বৰা ডাঙৰীয়াৰ পত্নীয়েটো আমাক বেয়াই পাইছিল তেওঁক বিজেপিলৈ আনিব যোৱাৰ বাবেই। চিধা প্ৰশ্ন আছিল – ‘যতীন কিয় যাব, বিজেপিত কি আছে?’ চাওক মীৰা বৰঠাকুৰৰ সম্পূৰ্ণ পোষ্ট।

আৰু চাওক পৰৱৰ্তী বাতৰি