মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘অসমৰ কিছু মুছলমানৰ শৰীৰটোহে অসমত, মন–প্ৰাণ সকলো তালিবানী চিন্তাত’ : মমিনুল আৱাল

‘অসমৰ কিছু মুছলমানৰ শৰীৰটোহে অসমত, মন–প্ৰাণ সকলো তালিবানী চিন্তাত’ : মমিনুল আৱাল

News18 Assam | News18-Assam
Updated:August 23, 2021, 4:59 PM IST
‘অসমৰ কিছু মুছলমানৰ শৰীৰটোহে অসমত, মন–প্ৰাণ সকলো তালিবানী চিন্তাত’ : মমিনুল আৱাল
তালিবানীক মুকলি সমৰ্থন কৰি ইতিমধ্যে কৰায়ত্ত হৈছে ৰাজ্যৰ ১৪জনকৈ লোক৷

তালিবানীক মুকলি সমৰ্থন কৰি ইতিমধ্যে কৰায়ত্ত হৈছে ৰাজ্যৰ ১৪জনকৈ লোক৷

  • Share this:
আফগানিস্তানত অব্যাহত আছে তালিবানীৰ বৰ্বৰতা৷ প্ৰতি মুহূৰ্ততে আফগানিস্তানৰ পৰা আহি আছে তালিবানীৰ ভয়াৱহ নৃশংসতাৰ খবৰ৷ তাৰ মাজতে অসমত তালিবানীৰ সমৰ্থন কৰি ১৪জন পৰিছে আৰক্ষীৰ জালত৷ বিজেপি নেতা মমিনুল আৱালৰ দাবী, অসমৰ ইছলাম ধৰ্মীয় সংগঠনে যদি বিষয়টোত চকু নিদিয়ে সদায় কেইজনমান ইছলামী লোকৰ বাবে বদনামী হৈ ৰ'ব সকলো ইছলাম ধৰ্মীয় লোক৷

এই সময়ছোৱাত আফগানিস্তানৰ ওপৰত তালিবানীৰ বৰ্বৰতা দেখি সমগ্ৰ বিশ্বই আশ্চৰ্য প্ৰকাশ কৰিছে৷ নৃশংস তালিবানীক গৰিহনা দিছে বিশ্বই৷ তাৰ মাজতে অসমত সামাজিক মাধ্যমত আকৌ একাংশই বৰ্বৰ তালিবানীক কৰিছে মুকলি সমৰ্থন৷ তালিবানীক মুকলি সমৰ্থন কৰি ইতিমধ্যে কৰায়ত্ত হৈছে ৰাজ্যৰ ১৪জনকৈ লোক৷ যাৰ মাজত আছে AIUDFৰ সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমী৷ যিজন জমিয়ত উলেমাৰো সম্পাদক৷

যদিও, কাছিমীক দল আৰু জমিয়তৰ পৰা নিলম্বন কৰা হৈছে তাৎক্ষণিকভাৱে তথাপি বিভিন্ন দল–সংগঠনে এৰি দিয়া নাই বিষয়টো ৷ এইক্ষেত্ৰত বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে টাৰ্গেট কৰি লৈছে বদৰুদ্দিন আজমলকো৷

মমিনুল আৱালে কয়, "AIUDFৰ সম্পাদক ফজলুল কৰিম কাছিমী, সভাপতি কোন? জমিয়তৰ সম্পাদকো ফজলুল কৰিম কাছিমী, সভাপতি কোন?’’ তেওঁ কয়, দুয়োটা অনুষ্ঠানৰে সভাপতি যিহেতু বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰে ৰাজনৈতিক মিত্ৰতা কাৰ বুলিও কংগ্ৰেছক বিষয়টোলৈ টানি আনিছে মমিনুল আৱালে৷

জমিয়তে সময়ে সময়ে ভাৰতৰ স্বাধীনতা আন্দোলনত বহু মৌলানাই দেশৰ বাবে প্ৰাণ ত্যাগ দিয়াৰ কথা কৈ আহিছে কিন্তু তাহানিৰ জমিয়ত আৰু আজিৰ জমিয়তৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুলি কৈ আৱালে ক'লে,"স্বৰূপ সলনি হৈছে জমিয়তৰ৷ জমিয়তত এতিয়া তালিবানী চিন্তাধাৰাৰ একাংশ লোক সোমাই পৰিছে৷ অকল জমিয়ত বুলি নহয়, অসমত থাকি একাংশই কৰি আহিছে তালিবানৰ সমৰ্থন৷ সেই সকলৰ শৰীৰটোহে অসমত প্ৰাণটো তালিবানত৷"

মুষ্টিমেয় এনে একাংশৰ বাবেই সকলো মুছলমান লোক বদনামী হৈ আহিব লগীয়া হৈছে বুলি খেদ প্ৰকাশ কৰি বিজেপি নেতাগৰাকীৰ আহ্বান ইছলাম ধৰ্মীয় সংগঠনলৈ, সংগঠনসমূহে চকু দিয়ক কাছিমীৰ দৰে উগ্ৰ সমৰ্থকৰ ওপৰত অথবা সদায়েই বদনামৰ ভাৰ বৈ থাকিব লাগিব ইছলামধৰ্মীয় লোকে৷
Published by: Sanjay Kumar Das
First published: August 23, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি