প্ৰদ্যুৎ বৰদলৈৰ বাবে ‘তুমি মোৰ মাথো মোৰ’ কোন? কাৰ কোলাৰ কেঁচুৱা বৰদলৈ?
News18-Assam Updated:October 3, 2019, 6:14 PM IST

Source-Google
মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচী নিৰ্ধাৰণৰ বাবে ব্যক্তিগত সহায়কাৰী হিচাপে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত যোগদানৰ আহ্বান প্ৰদুৎ বৰদলৈক!
- News18 Assam
- Last Updated: October 3, 2019, 6:14 PM IST

মমিনুল আৱাল
বিজেপিৰ মুখপাত্ৰগৰাকীয়ে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কয়লা সম্ৰাট আখ্যা দিয়া কয় যে, ‘এই কয়লা সম্ৰাট গৰাকীয়ে এ পি এছ চি কেলেংকাৰী, গড় হত্যা আদি বিষয়ত কিন্তু কোনো মাত মতা নাছিল। মাৰ্ঘেৰিটাৰ জনসাধাৰণে মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাসিত কৰাৰ পিছত গড় হত্যাৰ অভিযোগত ৰাজহুৱা অভিযোগেৰে অভিযুক্ত এগৰাকীৰ সহায়ত নগাঁৱত খুপনি পুতি নিজকে প্ৰব্ৰজিত মুছলমানৰ কোলাৰ কেচুৱা বুলি প্ৰতিপন্ন কৰিছে। প্ৰদ্যুৎ বৰদলৈয়ে যিমানেই আস্ফালন নকৰক কিয় মূখ্যমন্ত্ৰীৰ নিকা ভাৱমূৰ্তিত কেতিয়াও চেকা লগাব নোৱাৰে।’ আৱালে আৰু কয় যে, মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীলৈ উদ্বিগ্ন হৈ থকা প্ৰদ্যুত্ বৰদলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সহায়কাৰী হিচাপে যোগদান কৰাৰ ইচ্ছা থাকিলে তেওঁক নিযুক্তিৰ ব্যৱস্থা আৱালে কৰি দিব।