‘প্ৰব্ৰজনকাৰী মুছলমানৰ ওচৰত আঠু ল'লে লুৰিণজ্যোতিয়ে! আছু আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি’

News18-Assam
Updated:September 11, 2019, 5:24 PM IST
‘প্ৰব্ৰজনকাৰী মুছলমানৰ ওচৰত আঠু ল'লে লুৰিণজ্যোতিয়ে! আছু আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি’
লুৰিণজ্যোতি গগৈ

NRCত প্ৰব্ৰজনকাৰী মুছলমানৰ নাম সোমোৱাক লৈ মৌন কিয় AASU?"– বিজেপি নেতা মমিনুল আৱালৰ প্ৰশ্ন

  • News18 Assam
  • Last Updated: September 11, 2019, 5:24 PM IST
  • Share this:
ৰাজু বৰুৱা: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰাক লৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক উভতি ধৰিছে বিজেপি নেতা মমিনুল আৱালে ৷ বৰ্তমানৰ আছু নেতৃত্ব আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কৈ আৱালে লগতে ক'লে প্ৰব্ৰজনকাৰী মুছলমানৰ ওচৰত আঠু ল'লে লুৰিণজ্যোতি গগৈয়ে ।



NEDAৰ বৈঠকত CABক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় কোনো ধৰণৰ মতামত ব্যক্ত নকৰিলে বুলি মুখ্যমন্ত্ৰীৰ বৰুদ্ধে কঠোৰ বাক্যবান কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ ইয়াৰ পিছতে আছু নেতৃত্ব আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে একালৰ আছু নেতা মুমিনুল আৱাল ৷ আৱালৰ মতে, "আছু নেতৃত্ব এতিয়া পৰাজিত সৈনিক ৷"

CABক লৈ আন্দোলন কৰাৰ সময়ত আছু নেতৃত্বই অসমৰ ত্ৰাণকৰ্তা ৰূপত প্ৰতিষ্ঠা কৰি ৰাহুল গান্ধীৰ লগত ফটোত প'জ দিছিল বুলি কৈ আৱালে লগতে প্ৰশ্ন কৰিলে আছুৰ নেতৃত্বক, "NRCত  প্ৰব্ৰজনকাৰী মুছলমানৰ নাম সোমোৱাক লৈ মৌন কিয় AASU?"
আৰু চাওক
পৰৱৰ্তী বাতৰি