মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উৰহৰ খং ভগা ঢাৰিত, মৰিয়নীত বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ খোদ দলীয় কৰ্মীৰ, গোচৰ দিলে সংবাদ মাধ্যমৰ ওপৰত!

উৰহৰ খং ভগা ঢাৰিত, মৰিয়নীত বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ খোদ দলীয় কৰ্মীৰ, গোচৰ দিলে সংবাদ মাধ্যমৰ ওপৰত!

News18 Assam | News18-Assam
Updated:May 11, 2020, 7:02 PM IST
উৰহৰ খং ভগা ঢাৰিত, মৰিয়নীত বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ খোদ দলীয় কৰ্মীৰ, গোচৰ দিলে সংবাদ মাধ্যমৰ ওপৰত!
নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ সংবাদ মাধ্যমে ভুৱা বাতৰি কৰাৰ অভিযোগ তুলি যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল।

নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ সংবাদ মাধ্যমে ভুৱা বাতৰি কৰাৰ অভিযোগ তুলি যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল।

  • Share this:
মৰিয়নীৰ বিজেপি নেতা তথা তিতাবৰ মহকুমা চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ দুলেন নায়কৰ বিৰুদ্ধে ‘শ্বহীদ দয়াল দাস পাণিকা স্বনিয়োজন’ আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰা বুলি মৰিয়নী সমষ্টিৰ বিজেপি দলৰে একাংশ তৃণমূল কৰ্মীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ যোৱা ১৪ এপ্ৰিলত এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। সেই অভিযোগ পত্ৰখন বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। উক্ত অভিযোগ পত্ৰখনত অধ্যক্ষ দুলেন নায়কে চাহ বাগিচাৰ উপযুক্ত শিক্ষিত নিবনুৱাক বঞ্চিত কৰি নিজৰ লগতে একাংশ পঞ্চায়ত প্ৰতিনিধিসহ অঙহী-বঙহী আৰু চাকৰিয়াল লোকৰ নাম হিতাধিকাৰী তালিকাত সনিবিষ্ট কৰিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল।

উক্ত অভিযোগ পত্ৰখনৰ তথ্যৰ ওপৰত ভিত্তি কৰি কেইবাখনো সংবাদপত্ৰই  সবিস্তাৰে বাতৰি পৰিবেশন কৰিছিল। কিন্তু বিজেপি নেতা তথা তিতাবৰ মহকুমা চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ দুলেন নায়কে অভিযোগসমূহ খণ্ডন কৰাৰ বিপৰীতে সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈ ভুৱা বাতৰি কৰাৰ অভিযোগ তুলি যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰাত মৰিয়নীৰ সচেতন ৰাইজ আৰু সাংবাদিক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

জাহাৰখনত কাৰো নাম উল্লেখ নকৰাকৈ ফেচবুকযোগে তেওঁক বদনাম কৰা উদ্দেশ্যে ষড়যন্ত্ৰমূলকভাৱে ভুৱা আৰু মিছা তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰা বুলি উল্লেখ কৰিছে। আনহাতে, বিজেপি নেতাগৰাকীয়ে অসমৰ তিনিখন আগশাৰী দৈনিক বাতৰি কাকতে ভিত্তিহীন, ভুৱা বাতৰি কৰি তেওঁৰ সুনাম নষ্ট কৰা বুলি এজাহাৰখনত অভিযোগ উত্থাপন কৰিছে।

মন কৰিব লগীয়া যে, হিতাধিকাৰীৰ তালিকাত যিজন দুলেন নায়কৰ নাম, একাউণ্ট নম্বৰ সনিবিষ্ট হৈ আছে সেইজন ৫৯নং দক্ষিন কাটনি বাগিচা গাঁও পঞ্চায়তৰ অন্তৰ্গত চৈকতা চাহ বাগিচাৰ নতুন লাইনৰ স্বৰ্গীয় দুৰ্গা নায়কৰ পুত্ৰ বুলি বিজেপি নেতাগৰাকীয়ে এজাহাৰখনত উল্লেখ কৰিছে। কিন্ত কথাটো হ'ল ৭৩৪৮০২০১০০০৩৯৩০ একাউণ্ট নম্বৰটো গুগলত চাৰ্চ কৰিলে বিজেপি নেতা দুলেন নায়কৰ নাম-ঠিকনা আৰু ফোন নম্বৰসহ তথ্য ওলোৱা পৰিলক্ষিত হয়।

আনহাতে, বিজেপি নেতা দুলেন নায়কে নিজকে নিৰ্দোষী সজাবলৈ সংবাদ মাধ্যমৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দিয়া কাৰ্য হাস্যকৰ ৰূপেহে পৰিগণিত হৈছে। ইফালে শ্বহীদ দয়াল দাস পাণিকা স্বনিয়োজন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত বিজেপি নেতা দুলেন নায়কে সংঘটিত কৰা বৃহৎ কেলেংকাৰীৰ তদন্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ যোৰহাট জিলা সমিতিয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আছাৰ যোৰহাট জিলা সমিতিৰ সভাপতি অজয় বৰাইক আৰু সম্পাদক ৰাজু কিস্কু স্বাক্ষৰিত বিবৃতিটোত মৰিয়নী সমষ্টিত উক্ত আঁচনিখনত শিক্ষিত নিবনুৱাৰ সলনি পঞ্চায়ত প্ৰতিনিধি আৰু পৰিয়ালৰ নামৰ লগতে চাকৰিয়ালৰ নাম সনিবিষ্ট হোৱাত আছাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

আনহাতে, চাহ জনগোষ্ঠী লোকৰ বাবে গ্ৰহণ কৰা আঁচনিখনত নাগিনীজান চাহ বাগিচাৰ বিহাৰী সম্প্ৰদায়ৰ দেবেন্দ্ৰ নাথ ঠাকুৰ নামৰ ৱাৰ্ড সদস্যগৰাকীৰ কন্যা কিৰণ কুমাৰী ঠাকুৰৰ নাম কেনেকৈ সনিবিষ্ট হ'ল আৰু চাহ জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ কোনে প্ৰদান কৰিলে তাৰ ওপৰতো তদন্ত দাবী কৰিছে আছাই।
First published: May 11, 2020, 5:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি