• Home
  • »
  • News
  • »
  • assam
  • »
  • অসাৰ স্বাস্থ্যমন্ত্ৰীৰ দাবী! AIDCৰ উপাধ্যক্ষই উদঙালে স্বাস্থ্য বিভাগৰ অধীনস্থ হাস্পতালৰ দুৰ্দশা

অসাৰ স্বাস্থ্যমন্ত্ৰীৰ দাবী! AIDCৰ উপাধ্যক্ষই উদঙালে স্বাস্থ্য বিভাগৰ অধীনস্থ হাস্পতালৰ দুৰ্দশা

নিজ দল আৰু চৰকাৰৰ মানুহেই উদঙালে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্তবিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত অৱস্থা ৷ হাস্পতালৰ অৱস্থা দেখি লজ্জিত AIDCৰ উপাধ্যক্ষই ৰাইজক কলে হাস্পতালখন তলাবন্ধ কৰি দিবলৈ ৷

  • Share this:
সততে স্বাস্থ্য বিভাগৰ বৃহৎ সাফল্য জাহিৰ কৰা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ অধীনৰ খোলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দুৰ্দশা দেখিলে চকু কপালত উঠিব আপোনাৰ ৷ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে বৰপেটাৰ চেঙা সমষ্টিৰ চৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি  উদঙালে ডঃ হিমন্তবিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত অৱস্থা ৷ 

হাস্পতালখনৰ লেতেৰা, কদৰ্যময় পৰিবেশে অশান্তি দিব আপোনাক ৷ আনহাতে মাথো এগৰাকী ফাৰ্মাচিষ্টে চলাই আছে চিকিৎসা ৷ চিকিত্‍সালয়খনৰ  এনে অৱস্থা পৰিদৰ্শন কৰি চৰম লজ্জিত বুলিও প্ৰকাশ কৰিলে উপাধ্যক্ষগৰাকীয়ে ৷ আনকি দিছপুৰৰ চৰকাৰখনে এইবোৰ দেখা পোৱা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে উপাধ্যক্ষ জিতু তালুকদাৰে ৷ হস্পিটালখন পৰিদৰ্শন কৰি অসন্তুষ্ট খোদ উপাধ্যক্ষগৰাকীয়ে হাস্পতালখন তলা বন্ধ কৰিবলৈকেহে উপদেশ দিবলগীয়া হ'ল ৰাইজক ৷  
First published: