নিৰ্বাচন গ'ল, আৰম্ভ হ'ল প্ৰত্যেক দলৰে অংক৷ কোন দলে কিমান আসন লাভ কৰিব তাৰে চলিছে হিচাপ-নিকাচ৷ ১০১খন আসন লাভ কৰিব বুলি কৈ থকা কংগ্ৰেছ মহাজোঁটক লৈ বিজেপিৰ মুখপাত্ৰ ডাঃ নোমল মমিনৰ মন্তব্য – 'বিজেপিৰ ৮৫পাৰ কংগ্ৰেছ চাৰখাৰ'৷
নিৰ্বাচন যোৱাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহ ব্যস্ত হৈছে নিজৰ নিজৰ নিৰ্বাচনী হিচাপ–নিকাচত৷ কোনে কিমান আসন লাভ কৰিব, চৰকাৰ কোনে গঠন কৰিব তাকে লৈ ব্যস্ত এতিয়া প্ৰতিটো ৰাজনৈতিক দল ৷ কংগ্ৰেছ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি থকাৰ সময়তে বিজেপিৰ বোকাজানৰ প্ৰাৰ্থী তথা দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ডাঃ নোমল মমিনৰ দাবী, চৰকাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ ৷
"আমি ৮৫খন আসন লাভ কৰিম৷ আমাৰ ভিতৰুৱা সমীক্ষাত এই কথা স্পষ্ট হৈছে৷ পাৰ হ'ব পাৰে ১০০ৰো অধিক তাতো আচৰিত হ'ব লগীয়া নাই৷" ক’লে নোমল মমিনে।
বিজেপিৰ মুখপাত্ৰগৰাকীৰ কংগ্ৰেছলৈ প্ৰশ্ন, অসমৰ ৰাজনৈতিক ইতিহাসত কংগ্ৰেছে কেতিয়াও ১০১খন আসন লাভ কৰা নাছিল, কিন্তু এইবাৰ কি পৰিস্থিতিত পাব ১০১খন আসন? কংগ্ৰেছৰ দাবীক নস্যাৎ কৰি লগতে নোমল মমিনে ক'লে "কংগ্ৰেছে পাব মাত্ৰ ৮ৰ পৰা ১১খন আসন৷ AIUDF–এ পাব কংগ্ৰেছতকৈ বেছি আসন ৷"
ইমানেই নহয় কংগ্ৰেছে কি ভুল কৰিলে তাকো ক'লে নোমল মমিনে। "AIUDFৰ লগত মিত্ৰতা কংগ্ৰেছৰ ভুল সিদ্ধান্ত৷ কংগ্ৰেছে এই ভুল নকৰাহেঁতেন অলপ আসন পালেহেঁতেন৷ কিন্তু অসমৰ ৰাইজে কংগ্ৰেছৰ এই সিদ্ধান্তত মানসিক আঘাত পালে৷" – ক’লে মমিনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|