অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ নতুন নতুন তথ্য আহিছে পোহৰলৈ।
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ নতুন নতুন তথ্য আহিছে পোহৰলৈ।
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ নতুন নতুন তথ্য আহিছে পোহৰলৈ। আৰক্ষীৰ জেৰাত এতিয়া পোহৰলৈ আহিছে নতুন নতুন তথ্য। ১৯ ছেপ্তম্বৰ অৰ্থাত্ পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে বিজেপি নেতা দিবন ডেকাই গোপনে থেংক ইউ ল’জত পাতিছিল পৰীক্ষাৰ অনুশীলন। ১৫ ছেপ্তেম্বৰত দিবনে ফোনত সকলো কথা পাতিছিল ল’জৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মাৰ সৈতে।
আৰক্ষীৰ জেৰাত প্ৰাঞ্জল শৰ্মাই স্বীকাৰ কৰা মতে, ‘পৰীক্ষা অনুস্থিত হোৱা কোঠাটোৰ বাবদ দিবনৰ পৰা ৫০ হাজাৰ লৈছিল প্ৰাঞ্জলে। পৰীক্ষাৰ বাবে দুজন প্ৰশিক্ষক অহাৰ কথা আছিল যদিও নাহিল ৷ দুয়োজনক দিবনে ফোনযোগে মাতিছিল এপি দা আৰু শৰ্মা দা বুলি। প্ৰশিক্ষক নহাৰ বাবে দিবনে নিজেই প্ৰশিক্ষণ দিছিল প্ৰাৰ্থীক ৷ দিবনক সহযোগ কৰিছিল লজৰ আন এজন স্বত্বাধিকাৰী প্ৰণৱ বৰাই।’ ইফালে White Bordত প্ৰণৱেই লিখিছিল প্ৰশ্নৰ কাকতৰ উত্তৰবোৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|