உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি বিজেপি নেতাই বাচি ল’লে চৰম সিদ্ধান্ত, নগ্ন ফটোৰে ব্লেকমেইল কৰা কোন এই মহিলা আৰক্ষী!

    মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি বিজেপি নেতাই বাচি ল’লে চৰম সিদ্ধান্ত, নগ্ন ফটোৰে ব্লেকমেইল কৰা কোন এই মহিলা আৰক্ষী!

    কাৰ্তিক কৰ্মকাৰৰ মৃতদেহ এই অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই তেওঁৰ পৰিয়ালে। বিজেপি নেতাজনৰ ভাতৃয়ে এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে।

    • Share this:
    মঙলবাৰে পুৱতিনিশা গোলকগঞ্জৰ এখন বিদ্যালয়ত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী বিজেপি নেতা তথা ব্যৱসায়ীৰ মৃতদেহ। মৃত লোকজন কাৰ্তিক কৰ্মকাৰ। গোলকগঞ্জ টাউন বিজেপিৰ কোষাধ্যক্ষৰ দায়িত্বত আছিল কৰ্মকাৰ। মৃত লোকজনৰ পকেটত মুখ্যমন্ত্ৰীক উদ্দেশ্যি লিখা এখন পত্ৰ উদ্ধাৰ হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    কাৰ্তিক কৰ্মকাৰৰ মৃতদেহ এই অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই তেওঁৰ পৰিয়ালে। বিজেপি নেতাজনৰ ভাতৃয়ে এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে।

    ইফালে, চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা বিজেপি নেতাজনৰ পকেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ছুইচাইড নোট। জানিব পৰা মতে, ছুইচাইড নোটখনত ৬জন লোকৰ নাম উল্লেখ কৰিছে বিজেপি নেতাজনে। উক্ত ৬জন লোকৰ শাস্তি বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে পত্ৰখনত।

    এগৰাকী মহিলা আৰক্ষীসহ মুঠ ৬জন লোকৰ নাম উল্লেখ কৰিছে পত্ৰখনত। তেওঁৰ কোনো ফটো ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰি কেইবালাখ টকা সৰকাইছিল আটাইকেইজনে। অৱশেষত আৰু টকা বিচৰাত মানসিক অশান্তিত ভুগি আত্মহত্যাৰ পথ বাচি লয় বিজেপি নেতাজনে।

    মহিলা আৰক্ষীগৰাকীয়ে তেওঁক ৰুমলৈ চাহ খাবলৈ মাতি নি শাৰীৰিক সম্পৰ্ক কৰাৰ বাবে জোৰ–জবৰদস্তি কৰাৰ লগতে সেই কাম কৰিবলৈ অমান্তি হোৱাত তেওঁৰ কাপোৰ খুলি ফটো তুলি সেই ফটোৰে ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰিছে ছুইচাইড নোটত। টকা নিদিলে সেই ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিছিল।

    পত্ৰখনত মহিলা আৰক্ষীগৰাকীৰ লগতে  দুলাল ৰায়, ৰাক্কু তাতেৰ, কানু ভট্ট, দেবানন ঠাকুৰ আৰু সুশান্ত কুমাৰ মণ্ডল নামৰ লোককেইজনৰ নাম উল্লেখ কৰি তেওঁলোকৰ বাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰে।
    Published by:Sanjay Kumar Das
    First published: