উত্তৰ লখিমপুৰৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নেতা মিঠুৰঞ্জন দাসৰ আত্মহত্যাক লৈ অব্যাহত আছে চাঞ্চল্য। কালি অনাকাংক্ষিত মৃত্যুক মাতি অনা লালুকৰ নেতাগৰাকীৰ সৰ্বানন্দ সোণোৱাল আৰু অসমৰ আন বহুতো বিজেপি নেতাৰে স্বাভাৱিকতে ঘনিষ্ঠতা আছিল। মিথুৰঞ্জনৰ আত্মহত্যাক লৈ চাঞ্চল্য সৃষ্টিৰ মাজতে তেওঁ কোঠাত উদ্ধাৰ হৈছে ৩ পৃষ্ঠাৰ এখন ছুইচাইড নোট।
নিজৰ জীৱন শেষ কৰাৰ চৰম সিদ্ধান্ত লোৱা মিথুৰঞ্জন দাসে তিনি পৃষ্ঠাৰ ছুইচাইড নোটত বৰ্ণনা কৰিছিল যে কেনেকৈ ঋণে তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিল।
মিথুৰঞ্জন দাসে ছুইচাইড নোটত উল্লেখ কৰা মতে NHMৰ অধীনত লালুক মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰ চেন্টাৰলৈ খাদ্য যোগান ধৰাৰ কাম কৰিবলৈ তেওঁ সুদলৈ লৈছিল কেইবালাখ টকা ৷ কিন্তু কামৰ বাবদ পাব লগা ১৭ লাখ টকা অনাদায় হৈ থকাৰ বাবে ধাৰ দিয়া পক্ষই তেওঁক প্ৰবল মানসিক চাপ দিয়ে।
ইয়াৰ উপৰি তেওঁ কেইবাটাও পথৰ কাম অন্য কেইজনমানৰ লগত মিলি কৰাৰ পিছতো পোৱা নাছিল টকা৷ গতিকে ঋণৰ বোজা সহ্য কৰিব নোৱাৰি দিকবিদিক হেৰুৱাই পেলাইছিল মিঠুৰঞ্জনে ৷ শেষত আশ্ৰয় লয় আত্মহননৰ।
টকা ধাৰে লৈ পথ নিৰ্মাণৰ পৰা ক'ভিড কেয়াৰ চেন্টাৰত খাদ্য যোগান ধৰালৈকে মিঠুৰঞ্জনে কৰা কামৰ বাবদ চৰকাৰৰ পৰা সময়ত বিল নোপোৱাৰ বাবে তীব্ৰ হেঁচাৰ সন্মুখীন হৈছিল। জানিব পৰা মতে, তেওঁ প্ৰতাৰিতও হৈছিল অংশীদাৰৰ পৰা, ইয়াৰ পিছতে লয় চৰম সিদ্ধান্ত৷ নিজ বাসগৃহৰ এটা পৰিত্যক্ত কোঠাত চিপ লৈ আত্মহত্যা কৰিছিল সোমবাৰে আৰু মৃতদেহৰ কাষতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল তিনিপৃষ্ঠাৰ চুইচাইড নোট ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|