গোৱালপাৰাত বাট আগচি ধৰি বিজেপি নেতাক আক্ৰমণ, অপহৰণৰ চেষ্টা

ইতিমধ্যে বিজেপি নেতাগৰাকীয়ে আগিয়া থানাত এই সম্পৰ্কে এজাহাৰ দাখিল কৰিছে।

News18-Assam
Updated:November 3, 2019, 3:12 PM IST
গোৱালপাৰাত বাট আগচি ধৰি বিজেপি নেতাক আক্ৰমণ, অপহৰণৰ চেষ্টা
ইতিমধ্যে বিজেপি নেতাগৰাকীয়ে আগিয়া থানাত এই সম্পৰ্কে এজাহাৰ দাখিল কৰিছে।
News18-Assam
Updated: November 3, 2019, 3:12 PM IST
বিজেপি নেতা হিৰণ্য পাঠৰিৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। গোৱালপাৰাৰ আগিয়া থানাৰ অন্তৰ্গত ভীমাজুলিত এই ঘটনা। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্রকাশ কাশ্যপৰ পিতৃ শশীভূষণ প্ৰসাদ সিংহৰ কিছুদিন আগত মৃত্যু হোৱাত মৃতকৰ পৰিয়ালক সমবেদনা জনাবলৈ লক্ষীপুৰলৈ গৈছিল হিৰণ্য পাঠৰি। লক্ষীপুৰৰ পৰা গুৱাহাটীলৈ অহাৰ পথত পাঁচজনীয়া দুৰ্বৃত্তৰ দল এটাই বলেৰ’ গাড়ীৰে আগচি ধৰি বিজেপি নেতাগৰাকীক মাৰপিট কৰাৰ লগতে অপহৰণ কৰাৰ চেষ্টা চলায়। পিছত তেওঁ চিঞৰ–বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে। ইতিমধ্যে বিজেপি নেতাগৰাকীয়ে আগিয়া থানাত এই সম্পৰ্কে এজাহাৰ দাখিল কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি